গহপুৰ, বিহালীত ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰঃ প্ৰায় ২০ কোটিৰ বান্ধ নিৰ্মাণৰো আধাৰশিলা স্থাপন... 
অসম

গহপুৰ, বিহালীত ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰঃ প্ৰায় ২০ কোটিৰ বান্ধ নিৰ্মাণৰো আধাৰশিলা স্থাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ বিশ্বনাথঃ জলসম্পদ, সংসদীয় পৰিক্ৰমা, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী তথা বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই আজি জিলাখনৰ গহপুৰ আৰু বিহালী বিধানসভা সমষ্টিত আনুষ্ঠানিকভাৱে নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । উল্লেখ্য যে সমগ্ৰ ৰাজ্যখনতে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহক যোৱা ১৬ জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড প্ৰদান কৰি অহা হৈছে।

ইয়াৰ অংশ হিচাপে জলসম্পদ মন্ত্ৰীগৰাকীয়ে আজি প্ৰথমতে গহপুৰ বিধানসভা সমষ্টিত ৮৬৭১ টা পৰিয়ালৰ মাজত আনুষ্ঠানিকভাৱে নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কৰে। ইয়াৰ জৰিয়তে সমষ্টিটোত ৩৩৩২৬ জন হিতাধিকাৰী উপকৃত হ'ব ।

পাছত মন্ত্ৰী হাজৰীকাই বিহালী সমষ্টিত আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী আৰম্ভ কৰে। উল্লেখ্য যে বিহালীত ৫৫৯৭ টা পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰাত সমষ্টিটোত নতুনকৈ আৰু ২৩২৯৮ জন লোক উপকৃত হ'ব। ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহে খাদ্য সুৰক্ষা আইনৰ অধীনত অন্ত্যোদয়া অন্ন যোজনা কাৰ্ড আৰু অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল কাৰ্ডৰ জড়িয়তে পৰিয়ালে প্ৰতি মাহে ৩৫ কিলোগ্ৰামকৈ আৰু সদস্যই প্ৰতি মাহে ৫ কিলোগ্ৰামকৈ চাউল লাভ কৰে ।

ইয়াৰোপৰি ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহে আয়ুষ্মান আঁচনিৰ অধীনত বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা আৰু উজ্জ্বলা আঁচনিৰ অধীনতো সুবিধা লাভ কৰিব পাৰে। আজিৰ দুয়োটা অনুষ্ঠানত এই কথা উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত চৰকাৰে সৰ্বসাধাৰণৰ ভোক আৰু পুষ্টিহীনতা নিবাৰণৰ দ্বাৰা দেশত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমাজৰ প্ৰতিজন লোকৰে সম উন্নয়নৰ বাবে আন্তৰিকতাৰে কাম কৰি আছে বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ ৰাজ্যখনে উন্নয়নৰ এক নতুন মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে। জলসম্পদ মন্ত্ৰীগৰাকীয়ে সকলো ৰাইজকে চৰকাৰী আঁচনিৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনাই আৰু কয় যে আগতে কেতিয়াও ভাৱিব নোৱাৰা সম্পূৰ্ণ নিকা প্ৰক্ৰিয়াৰে বৰ্তমানৰ চৰকাৰখনে প্ৰায় ৮৮,০০০ যুৱক-যুৱতীক চৰকাৰী নিযুক্তি প্ৰদান কৰিছে । জলসম্পদ বিভাগৰ উদ্যোগত বিগত প্ৰায় তিনিটা বছৰত অসম চৰকাৰে গহপুৰ আৰু বিহালী সমষ্টিত বান আৰু খহনীয়া ৰোধৰ বাবে যথেষ্ট কাম কৰা বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে ।

প্ৰণিধানযোগ্য যে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত ৰাজ্যখনত নতুনকৈ প্ৰায় ৪০ লাখ লোকক সামৰি প্ৰায় ১০ লাখ পৰিয়াললৈ ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। আজিৰ আন এক কাৰ্যসূচীত গহপুৰত মন্ত্ৰী পীযুষ হাজৰীকাই চত্ৰং নদীৰ পাৰত জলসম্পদ বিভাগৰ এটা প্ৰকল্পৰ শিলান্যাস কৰে।

গহপুৰ চহৰখনক বছৰি ক্ষতিগ্ৰস্ত কৰি অহা চত্ৰং নদীৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিবলৈ ৰে'ল পথৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ মধ্য চত্ৰঙৰ বৰ্ধিত অঞ্চলক সামৰি প্ৰায় ১৯.৯৫ কোটি টকা ব্যয়েৰে এই প্ৰকল্পৰ অধীনত এক বান সুৰক্ষা বান্ধ নিৰ্মাণ কৰা হ'ব । এই বান্ধে চহৰ খনক এক দীৰ্ঘ দিনীয়া সমস্যাৰ পৰা সকাহ তথা মুক্তি দিবলৈ সক্ষম হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।