অসম

কিশোৰীক অপহৰণ কৰি যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ বিজেপি নেতাৰ ভাতৃ

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰঃ কিশোৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগত ৰঙাঘৰৰ আলহী হ'ল এগৰাকী বিজেপি নেতাৰ লম্পট ভাতৃ। কলিয়াবৰ বিজেপিৰ পশ্চিম মণ্ডলৰ সভাপতি শশীভূষণ ৰায়ৰ কনিষ্ঠ ভাতৃ সন্তোষ ৰায়ক কলিয়াবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

এগৰাকী ১১ বছৰীয়া কিশোৰীক অপহৰণ কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত সন্তোষ ৰায়ক কলিয়াবৰ আৰক্ষী থানাত ৰুজু হোৱা ৩৭/২৪ নম্বৰ গোচৰত হোৱা ঘটনাই কলিয়াবৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৫১/৩৬৩/৩৫৪ ৰ লগতে PROTECTION OF CHILDREN FROM SEXUAL OFFENCES (POCSO) ৰ অধীনত গ্ৰেপ্তাৰ কৰিছে সন্তোষ ৰায়ক।