অসম

মহানগৰীত যুৱতীক অপহৰণৰ অপচেষ্টা দুৰ্বৃত্তৰ, বিলাসী বাহনেৰে মহটিয়াই নিলে যুৱকক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মহানগৰীত শিহৰণকাৰী ঘটনা। দেওবাৰ নিশাৰ মহানগৰীত যুৱতীক অপহৰণৰ অপচেষ্টা। জিএছ ৰোডত সংঘটিত এই ঘটনা।

 অপহৰণত ব্যর্থ হৈ যুৱতীৰ সতীৰ্থকো বাহনৰে খুন্দা দুৰ্বৃত্তৰ। বিলাসী বাহনেৰে মহটিয়াই নিয়ে উদণ্ড যুৱকৰ দলে। বাহনখনৰ গৰাকী পাঞ্জাবাৰীৰ হীৰকজ্যোতি পাঠক বুলি জানিব পৰা গৈছে।

এতিয়াও আৰক্ষীৰ জালত পৰা নাই অভিযুক্ত। সম্প্ৰতি পলাতক বাহনসহ অভিযুক্ত। আঘাতপ্ৰাপ্ত যুৱতী আৰু যুৱতীগৰাকীৰ সতীৰ্থক নিশাই হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।ঘটনা সন্দৰ্ভত দিছপুৰ থানাত ৰুজু গোচৰ। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।