অসম

মা, চাকি এগছি জ্বলাই দিয়া মই আৰু নাবাচিমঃ বিশাখাপট্টনমত হেৰাল ৰহাৰ ধীৰু...

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰহাঃ বহিঃৰাজ্যলৈ কৰ্মসূত্ৰে গৈ সন্ধানহীন ৰহাৰ বগলিপাৰাৰ ধীৰু ডেকা নামৰ যুৱকজন । ঘটনা বিবৰণি অনুসৰি যোৱা ৩০ জুন তাৰিখে ৰহাৰ বগলিপাৰৰ পৰা ধীৰু ডেকা সেই গাওঁৰে জোনমণি পাটৰ নামৰ যুৱকজনৰ সৈতে বেংগালুৰু বুলি কৰ্মসূত্ৰে ওলাই গৈছিল । কিন্তু বিশাখাপট্টনমৰ এটা ষ্টেচনত নামিছিল ধীৰু । আৰু সেই ষ্টেচনৰ পৰাই নিৰুদ্দেশ ধীৰু ।

শেষ ফোনটো মাকলৈ আহিছিল , মা চাকি এগছি জ্বলাই দিয়া মই আৰু নাবাচিম । কিন্তু আচৰিত কথাটো হৈছে যি জোনমণিৰ লগত ধীৰু ঘৰৰ পৰা কৰ্মসূত্ৰে ওলাই গৈছিল জোনমণি তিনিদিন পূৰ্বে ঘৰ পালেহি । কিন্তু এতিয়ালৈ এবাৰো ধীৰুৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰা নাই ।

পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছে যদিও বৰ্তমানলৈ কোনো সহাঁৰি লাভ নকৰাৰ অভিযোগ পৰিয়ালবৰ্গৰ । এতিয়া ধীৰুৰ ঘৰত কেৱল চকুলো টুকিছে উপায়হীন পিতৃ মাতৃয়ে । সমগ্ৰ ঘটনা যেন এতিয়া suspens হৈ ৰৈছে ।