অসম

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰস্তুতিৰ বুজ ল'লে বিধায়ক ভৱেশ কলিতাই

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙিয়া : উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনখন অহা ৯,১০ আৰু ১১ ফেব্ৰুৱাৰীত ৰঙিয়াৰ মৰাণজানা-ভয়ৰা শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ, হাতীখলা পথাৰত অনুষ্ঠিত হ'ব। ৰঙিয়া অধিৱেশনখনিৰ বাবে মাজত মাথোঁ কেইটামান দিন বাকী আছে।

সেয়েহে আগন্তুক ২০২৪ বর্ষৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনখনি সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তুলিবলৈ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে শনিবাৰে সন্ধিয়া সময়ত ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই অধিৱেশনস্থলীত উপস্থিত হৈ বাপ-বান্ধৱসকলৰ সৈতে প্ৰতিটো কাম পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয়।

তদুপৰি ৰঙিয়াৰ হাতীখলা পথাৰৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনখন সফল কৰি তোলাত বিধায়কগৰাকীয়ে ৰাইজৰ সৰ্বতোপ্ৰকাৰৰ সহায়- সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰে । বিধায়কগৰাকীৰ উপস্থিতিৰ সময়ত আদৰণি সমিতিৰ বিষয়ববীয়াৰ লগতে কেইবাখনো উপ-সমিতিৰ লোক উপস্থিত থাকে।