অসম

বিধায়ক জয়ন্ত বসুমতাৰীয়ে ক’লে, প্ৰহাৰ কৰা নাছিলো জনতা ভৱনৰ কৰ্মচাৰীক…

asomiyapratidin

ডিজিটেল সংবাদ, চিৰাং : চিৰাঙত বৃহস্পতিবাৰে চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে স্পষ্টীকৰণ দিলে জনতা ভৱনৰ কৰ্মচাৰীক প্ৰহাৰৰ বিষয় সন্দৰ্ভত। চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে কয় যে "মোৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ বাহিৰে একো নহয়। কমিচনাৰক লগ কৰিবলৈ যাঁওতে কৰ্মচাৰী জনে ক'লে কমিচনাৰ মিটিঙত আছে।

কিছু সময় ৰৈ থাকি বিধায়ক জনে ক'লে এবাৰ জনাওক মই অহা বুলি। সহকাৰী কৰ্মচাৰী এজনে কয় শ্লিপ দিয়াৰ বাবে । সেইলৈ কৰ্মচাৰী জনৰ সৈতে বিধায়কৰ সহকাৰী এজনৰে তৰ্ক হয় তাৰ পিচত আঙুলি টোৱাই কথা কোৱাত আঙুলি নমাই দিয়ে।

আন এজন কৰ্মচাৰীয়ে আহি বিধায়ক বসুমতাৰীক কয় তেওঁ চিনি পোৱা নাই । তেওঁ কমিচনাৰক লগ ধৰাৰ বিষয়ে কোৱাত লগে লগে কমিচনাৰক জনায় আৰু কম সময়ৰ ভিতৰতে কমিচনাৰক লগ কৰি বিধায়ক জয়ন্ত বসুমতাৰী গুচি আহে বুলি নিজেই আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বসুমতাৰীয়ে।

কমিচনাৰক লগ কৰি গুচি অহাৰ পিচত কমিচনাৰে পুনৰ ফোন কৰি মাতে বিধায়ক জনক আৰু বেয়া ব্যৱহাৰ কৰা সন্দৰ্ভত আলোচনা হয় । ভুল বুজাবুজি লৈ দুঃখিত বুলি কয় আৰু ফোন নম্বৰ আদান প্ৰদান আৰু ছেল্ফিয়ো উঠাৰ কথা জনায় বিধায়ক জনে। তাত কোনো ধৰণৰ মাৰপিটৰ কথাও হোৱা নাছিল বুলি জনায় বিধায়ক জনে। তেওঁ দিছপুৰ এৰি গুচি অহাৰ ফোন যোগে কোনোবাই জনায় যে সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হৈ আছে চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে সচিবালয়ৰ কৰ্মচাৰী পূৰ্ণহতীয়া চৰ শোধাইছে বুলি ।

এই খবৰ লাভ কৰাৰ পিছত বিধায়ক জনে আশ্চৰ্য্য প্ৰকাশ কৰে যে কিছু ভুল বুজাবুজি হৈছিল যদিও পৰবৰ্তী সময়ত সকলো আলোচনা কৰি সমাধান কৰি অহাৰ পিছত কি কাৰণত সমগ্ৰ বিষয়টো সংবাদ মাধ্যমত এনেদৰে প্ৰচাৰ হ'ল সেয়া তেওঁ বুজি উঠিব পৰা নাই বুলি মন্তব্য কৰে ।

বিধায়ক বসুমতাৰীয়ে কয় যে তেওঁৰ কানত কিবা হৈছে তেনে অৱস্থাত কানতলীয়া চৰ মাৰিবলগীয়া হ'লে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হ'লে হেতেন। এয়া কিবা ষড়যন্ত্ৰ হ'ব পাৰে বুলি সন্দেহ কৰে চিদলীৰ বিধায়কজনে। তেওঁ লগতে কয় তদন্ত হ'লে নিশ্চয় ওলাই পৰিব কি হৈছিল প্ৰকৃততে।

তদন্তৰ মুখামুখী হ'বলৈ প্ৰস্তুত বুলিও কয় চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে। তদুপৰি সচিবালয়ৰ কৰ্মচাৰী সকলে বিধায়ক জয়ন্ত বসুমতাৰীৰ সমষ্টিৰ উন্নয়নৰ কোনো কাম নকৰাৰ যি সিদ্ধান্ত লৈছে সেয়া চিদলী সমষ্টিবাসীৰ স্বাৰ্থত সেই সিদ্ধান্ত উঠাই লবলৈ আহ্বান জনাইছে ।