এণ্ড্ৰিউ উইলৰ চাহ বাগিচা বিক্ৰীৰ সিদ্ধান্তক সমৰ্থন তেৰছ গোৱালাৰ... 
অসম

এণ্ড্ৰিউ উইলৰ চাহ বাগিচা বিক্ৰীৰ সিদ্ধান্তক সমৰ্থন তেৰছ গোৱালাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নানান সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যৰ চাহ শ্ৰমিকৰ সন্মুখত আন এক প্ৰত্যাহ্বান। বিক্ৰীৰ বাবে সাজু ৰাজ্যৰ ১০ খন চাহ বাগিচা। ইতিমধ্যে ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ এক পত্ৰত এই বিষয়ে স্পষ্ট হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এণ্ড্ৰিউ উইলৰ অসমত থকা ১০ খন চাহ বাগিচা বিক্ৰীৰ বাবে মুখ্য সচিবে পৰামৰ্শ আগবঢ়াইছে। জানিব পৰা মতে এই চাহ বাগিচা কেইখন চৰম আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে। এই আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈকে চাহ বাগিচা কেইখন বিক্ৰীৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ইয়াৰ ফলত এণ্ড্ৰিউ উইলৰ অধীনৰ এই ১০ খন চাহ বাগিচাৰ ৮০০০ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যত জীৱনলৈ অন্ধকাৰ নামি আহিছে। ইতিমধ্যে ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবী কোটাই কেন্দ্ৰীয় চৰকাৰৰ লঘু উদ্যোগলৈ প্ৰেৰণ কৰা এক পত্ৰত এণ্ড্ৰিউ উইলে সন্মুখীন হোৱা আৰ্থিক ক্ষতিৰ বিষয়ে উল্লেখ কৰিছে।

পত্ৰখনত কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান এণ্ড্ৰিউ উইল এণ্ড কোম্পানী লিমিটেডে সন্মুখীন হোৱা বিত্তীয় দুৰ্দশাৰ বিষয়ে উল্লেখ কৰি কোৱা হৈছিল এণ্ড্ৰিউ উইল এণ্ড কোম্পানী লিমিটেডে কোম্পানীটোৱে চাহ, অভিযান্ত্ৰিক আৰু বৈদ্যুতিককে ধৰি কেইবাটাও খণ্ডত কাম কৰে। ইয়াৰ ১৫ খন চাহ বাগিচাৰ ভিতৰত ১০ খনে অসমত অৱস্থিত। অসমৰ এই বাগিচাবোৰ ৮০০০ ৰো অধিক শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে গুৰুত্বপূৰ্ণ।

তাৰোপৰি বাগিচা কেইখনত চলি থকা বিত্তীয় অস্থিৰতাই চাহ বাগিচাসমূহৰ শ্ৰমিকসকলকো অস্থিৰ কৰি তোলাৰ এক পৰিবেশ গঢ় লৈ উঠিছে। ফলত এই চাহ বাগিচাসমূহৰ আইন-শৃংখলাজনিত সমস্যা বৃদ্ধি পোৱাৰ আশংকা আছে।

মন কৰিবলগীয়া যে, অসমৰ খোৱাং, হলৌগুৰি, টিংখং, বাছমটিয়া, ৰাজগড়, দেছাম, মোৰফুলনি আদি চাহ বাগিচা এণ্ড্ৰিউ উইলৰ অধীনৰ চাহ বাগিচা। এই বাগিচাসমূহে ২০২৩-২৪ বিত্তীয় বৰ্ষত ৯৯ কোটিৰো অধিক লোকচানৰ সন্মুখীন হৈছে বুলি প্ৰকাশ পাইছে। যোৱা দুটা বছৰত কোটি টকাৰ ৰপ্তানি হোৱাৰ পাছতো কোম্পানীৰ ক্ৰেডিট ৰেটিং হ্ৰাস পাইছে। ফলত বেংকৰ পৰাও অধিক বিত্তীয় সমৰ্থন অসম্ভ হৈ পৰিছে।

সেয়ে ৰাজ্য মুখ্য সচিব ৰবি কোটাই কেন্দ্ৰীয় লঘু উদ্যোগ মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ কৰি শীঘ্ৰে হস্তক্ষেপৰ অনুৰোধ জনাইছে। ইয়াতেই তেওঁ বাগিচা কেইখন প্ৰয়োজনত বিক্ৰী কৰাৰো ইংগিত দিছে। এনে পৰিস্থিতিত এতিয়া চাহ বাগিচা কেইখনত এক চেপা উত্তেজনাই বিৰাজ কৰিছে।

এই ক্ষেত্ৰত চাহ সংগঠন, চাহ শ্ৰমিকসকলৰ মাজতো ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত আজি অসম বিধানসভাৰ চৌহদত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিজেপিৰ বিধায়ক তথা একালৰ ছাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতা তেৰছ গোৱালাই।

গোৱালাই এই চাহ বাগিচা কেইখন বিক্ৰীৰ বিৰোধিতা নকৰে বুলি উল্লেখ কৰি কয় যে, এণ্ড্ৰিউ উইলৰ চাহ বাগিচা কেইখনৰ অৱস্থা যথেষ্ট বেয়া হ'বলৈ গৈ আছে। মই এই বিষয়ে ভালকৈ জানোঁ। সেয়ে চৰকাৰে বিবেচনা কৰিছে ব্যক্তিগতখণ্ডক এই চাহ বাগিচা কেইখন গতাই দিলে ইয়াৰ অৱস্থা ভাললৈ আহিব।

সাংবাদিকৰ প্ৰশ্নত গোৱালাই কয়, ভাৰত চৰকাৰৰ এণ্ড্ৰিউ উইলৰ চাহ বাগিচা অসমত কেইবাখনো আছে। দুখৰ কথাটো হ'ল অন্যান্য ব্যক্তিগত খণ্ডৰ যিবোৰ চাহ বাগিচা আছে তাত তেওঁলোকৰ নূন্যতম মজুৰী হওক বা আন সুবিধাসমূহ দিবলৈ চেষ্টা কৰিছে। কিন্তু এণ্ড্ৰিউ উইল চাহ বাগিচাৰ শ্ৰমিকসকলে এতিয়ালৈকে দৰমহাৰ ক্ষেত্ৰতে হওক বা আন ক্ষেত্ৰতে হওক যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।

তেওঁ কয়, বিক্ৰী কৰিবলৈ লোৱা এই চাহ বাগিচাসমূহ যিয়েই ক্ৰয় নকৰক কিয় মই ভাবো, তিনিটা প্ৰজন্ম চাহ বাগিচাত থাকি তেওঁলোকৰ ককা-দেউতাকৰ দিনৰ পৰা হাবি-জংঘল কাতি, নল-নৰ্দমা সমান কৰি, কেঁচা সোণৰ অসম গঢ়া এই শ্ৰমিকসকলক এনেকৈ অত্যাচাৰ কৰাৰ অধিকাৰ কাৰো নাই। তেওঁলোক যিমান অত্যাচাৰী হ'ব আমি সিমান দুখ পাম। মই যিহেতু সেই চাহ শ্ৰমিকৰে সন্তান সেয়ে ময়ো চৰকাৰক অনুৰোধ জনাম যে, এয়াৰপ'ৰ্ট যদি ভাল হ'ব পাৰে প্ৰায় হাজাৰ হাজাৰ চাহ শ্ৰমিক বংশগত ভাৱে থকা এই চাহ বাগিচাসমূহৰ কিয় উন্নয়ন হ'ব নোৱাৰে? তেওঁলোকৰ জীৱনৰ নিৰপত্তা কি আছে? ভৱিষ্যত প্ৰজন্ম ক'ত যাব?

তেওঁ চাহ শ্ৰমিকসকলক হতাশাত ভূগিবলগীয়া এক পৰিস্থিতিৰ সূচনা নহ'বলৈ এক পৰিবেশ গঢ় দিবলৈয়ো আহ্বান জনাই। তেওঁ কয়, চাহ শ্ৰমিকসকল যাতে কেতিয়াও হতাশাত ভূগিবলগীয়া নহয় তাক নিশ্চিত কৰক। আমি চাহ শ্ৰমিকৰ ভোটেৰে জিকি আহিছোঁ। এটা সময়ত কংগ্ৰেছৰ হাত, দুখীয়াৰ হাত, বাগানীয়াৰ মাই-বাপ বুলি কোৱা এই চাহ শ্ৰমিকসকলে কংগ্ৰেছক আঁতৰাই বিজেপিক ক্ষমতালৈ আনিলে। বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ বাবে বহু কাম কৰিছে, কিন্তু চাহ বাগিচাসমূহ কেনেকৈ বহনক্ষম হ'ব পাৰে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত অনুৰোধ জনাম।

গোৱালাই স্পষ্টকৈ কয়, মই চাহ বাগিচা বিক্ৰী কৰাৰ বিৰোধিতা নকৰোঁ। যিয়েই চাহ বাগিচা নিকিনক, চৰকাৰে এজন দায়িত্বশীল মালিকক দিয়ক। যাতে চাহ শ্ৰমিকৰ সকলো আইনী সা-সুবিধা আৰু মৰ্যাদা যাতে অক্ষুন্ন থাকে। অন্যথা চাহ বাগিচাৰ আইন-শৃংখলা এদিন নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব বুলিও তেওঁ আশংকা ব্যক্ত কৰে।