অসম

অসমলৈ প্ৰধানমন্ত্ৰীঃ কেইবাটাও পথৰে ১৭নং ৰাষ্ট্রীয় ঘাইপথলৈ যোৱাত নিষেধাজ্ঞা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ পথ নির্দেশনা জাৰি কৰিছে যান-বাহন আৰক্ষীয়ে। কেইবাটাও পথৰে ১৭নং ৰাষ্ট্রীয় ঘাইপথলৈ যোৱাত নিষেধাজ্ঞা। তলত সৱিশেষ উল্লেখ কৰা হ'ল-

  • বিয়লি ৩-১০ বজালৈ সকলো বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা।

  • নিষিদ্ধ কৰা পথকেইটা ডি জি ৰোড, এম জি ৰোড, বি বৰুৱা ৰোড।

  • জি এন বি ৰোড, জি এছ ৰোডত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা।

  • লেহেমীয়া বাহন চলাচলো নিষিদ্ধ কৰা হৈছে উক্ত পথকেইটাৰে।

  • বিমান বন্দৰৰ পৰা খানাপাৰা অভিমুখী বাছৰ বিশেষ নিয়ন্ত্ৰণ।

  • সকলো ASTC, বে-চৰকাৰী বাছসমূহ নিয়ন্ত্রণ কৰা হ’ব।

  • এবিচি পইণ্টৰ পৰা অসম বিধানসভা ৰটাৰীলৈকে বিশেষ নিৰ্দেশনা।

  • বিয়লি ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ এটা ট্রেকত চলিব বাহন।

  • জৰুৰীকালীন যান-বাহনৰ চলাচলত কোনোধৰণৰ বাধা নাথাকিব।