অসম

আজিৰ পৰা মঙলদৈৰ নগৰবাহীত মহা উৰুছ

Asomiya Pratidin

ডিজিটেল সংবাদ,‌মঙলদৈঃ আৰম্ভ হ'ল মঙলদৈ নগৰবাহীত চুফী সন্ত মহম্মদ হুছেইন চাহেবৰ মহা উৰুছ । লক্ষ লক্ষ ভক্তক আদৰিবলৈ ব্যাপক প্ৰস্ততি চলিছে মঙলদৈ নগৰবাহীত।

মঙলদৈৰ নিকটৱৰ্তী নগৰবাহীৰ অলৌকিক গুণ সম্পন্ন- বাকসিদ্ধ পুৰুষ চুফী সন্ত, মৌলানা মহম্মদ হুছেইন চাহেবৰ মাজাৰ শ্বৰীফত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মঙ্গলবাৰৰ পৰা অনুষ্ঠিত হয় মহা উৰুছ।

পুৱা সমগ্ৰ অঞ্চলটোৰ হাজী সকলৰ দ্বাৰা গছপুলি ৰোপণ কৰাৰ পিছত বিশিষ্ট চিত্ৰশিল্পী লিয়াকৎ আলিয়ে উদ্বোধন কৰে চিত্ৰাংকন প্ৰতিযোগিতা। বিয়লি তিনি বজাত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃতী শিক্ষক শশাংক হাজৰিকাই কুইজ প্ৰতিযোগিতা উদ্বোধন কৰাৰ পিছতেই আৰম্ভ হ'বলগীয়া কোৰাত আৰু জিকিৰ প্ৰতিযোগিতাৰে প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্ত পৰিব ।

৭ ফেব্ৰুৱাৰীৰ দিনা ৰাতিপুৱা ৭ বজাত মৌলানা ৰফিক আলম ৰেজৱী চাহাব, মৌলানা তছলিমুদ্দিন আহমেদে পৰিচালনা কৰিব লগা খতমে কোৰ আন মজিদ আৰু জিয়াৰৎ অনুষ্ঠিত হোৱাৰ পিছতেই নগৰবাহী কৰিমীয়া দাৰুল উলুমৰ শিক্ষক মৌলানা আব্দুল গণি চাহেবৰ পৰিচালনাত আৰম্ভ হ'ব পবিত্ৰ কেৰাত, জিকিৰ আৰু গজল পাঠ অনুষ্ঠানৰ।

দিনৰ ১১ বজাত নগৰবাহী কৰিমীয়া দাৰুল উলুমৰ প্ৰধান শিক্ষক মৌলানা মহম্মদ আহমদ আলি ৰেজৱী আৰু সহকাৰী শিক্ষক মুফতি খাইৰুল ইছলাম ৰেজৱীয়ে খতমে আম্বিয়া পৰিচালনা কৰাৰ পিছত ২ বজাত নগৰবাহী কৰিমীয়া দাৰুল উলুমৰ সহ শিক্ষক মুফটি নুৰ হুছেইন চা'দীয়ে পৰিচালনা কৰিব খতমে কাদ্বৰীয়া। ইয়াৰ পিছতেই মূল মঞ্চ উদ্বোধন কৰিব নগৰবাহী কৰিমীয়া দাৰুল উলূমৰ অৱসৰী প্ৰধান শিক্ষক মৌলানা মহিউদ্দিন ৰেজৱী চাহেবে। নগৰবাহী কৰিমীয়া দাৰুল উলূম পৰিচালনা সমিতিৰ সভাপতি হাজী আফজল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হ'ব লগা ধৰ্মীয় সভাত আমন্ত্ৰিত আলিম সকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হ'ব আৰু লগে লগে তেওঁলোকে ধৰ্মীয় ভাষণ (ওৱজ -নচিয়ৎ ) প্ৰদান কৰিব।

এনেদৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপায়ণ হ'বলগীয়া চুফী সন্ত গৰাকীৰ ৪১ সংখ্যক মৃত্যু তিথি উপলক্ষে দুদিনীয়াকৈ অনুষ্ঠিতব্য সাৰ্বজনীন ধৰ্মীয় সন্মিলন' মহা 'উৰুছ' সাফল্যমণ্ডিত কৰি তুলিবলৈ প্ৰায় তিনি মাহ পূৰ্বৰে পৰা উদযাপন সমিতিয়ে ২৫ লাখ টকাৰ বৃহৎ বাজেট ধাৰ্য কৰি ভক্তিপ্ৰাণ ৰাইজৰ ব্যাপক সঁহাৰিক মূলধন হিচাপে লৈ তিনি লক্ষাধিক ভক্তক আদৰিবলৈ আৰু আদৰ অভ্যৰ্থনা কৰিবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে। ইপিনে উৰুচ উপলক্ষে এখনি স্মৃতি গ্ৰন্থও প্ৰকাশ পাব । ইতিমধ্যে ৰাইজৰ মাজত বিশেষ উৎসাহ- উদ্দীপনা পৰিলক্ষিত হৈছে। উৰুচৰ সকলো কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি আৰু সহযোগীতা কামনা কৰিছে উদ্যোক্তা সকলে।