প্ৰতিনিধিত্বমূলক ছবি 
অসম

শ্ৰেণীকোঠাত বান্দৰৰ তাণ্ডৱ : বিপাঙত দেৰগাঁৱবাসী

Asomiya Pratidin

ডিজিটেল সংবাদ,দেৰগাঁও : ৰাজ্যৰ বিভিন্ন স্থানত বান্দৰৰ উপদ্ৰপে এক জটিল ৰূপ ধাৰণ কৰিছে। খাদ্য সংকট,বাসস্থানৰ সংশয়,একাংশ জীৱ শ্ৰেষ্ঠ মানৱে চলোৱা অত্যাচাৰ ইত্যাদি নানা কাৰণত প্ৰায়ে সময়তে বান্দৰে উপদ্ৰপ চলাই আহিছে। এনে সময়তে বান্দৰৰ অত্যাচাৰত এতিয়া অতিষ্ঠ হৈ ত্ৰাহিমধুসূধন দেখিছে বৃহত্তৰ দেৰগাঁৱবাসী ৰাইজে ।

কিয়নো দেৰগাঁও ,কাকডোঙা আৰু ব্ৰহ্মপুত্ৰ অঞ্চলৰ প্ৰায় সংখ্যক গাঁৱতে এতিয়া নিতৌ চলে বান্দৰৰ সন্ত্ৰাস । উল্লেখ্য যে বুৰঞ্জী প্ৰসিদ্ধ নেঘেৰিটিং শিৱ দলৰ প্ৰাংগণত বান্দৰৰ বিচৰণে সকলোকে আকৰ্ষিত কৰে যদিও দৈনিক জনসংখ্যা বৃদ্ধি হোৱাৰ পৰিণতিত বান্দৰে এতিয়া শিৱদল এৰি নিকটৱৰ্তী গাঁৱসমূহলৈ প্ৰৱেশ কৰি তাণ্ডৱ চলাবলৈ লোৱাত ৰাইজ অতিষ্ঠ হৈ পৰিছে ।

বান্দৰে ঘৰ-বাৰী তহিলং কৰাৰ লগতে সজাল ধৰা ধাননি পথাৰতো চলাইছে উপদ্ৰৱ । তদুপৰি মঙলবাৰে পুৱাই দেৰগাঁৱৰ চৰকাৰী বিদ্যালয়ত বান্দৰ এজাক সোমাই ছাত্ৰ-ছাত্ৰীৰ বাবে মজুত কৰি ৰখা মধ্যহ্ন ভোজনৰ চাউলল বস্তা ফালি চাউলৰ লগত বিদ্যালয়ৰ বহুটো নঠি-পত্ৰ লণ্ড-ভণ্ড কৰে ।

পুৱাই বিদ্যালয়লৈ আহি বান্দৰৰ এনে কাণ্ড দেখি ছাত্র-ছাত্ৰী ,অভিভাৱক আৰু শিক্ষকসকল বিমোৰত পৰে। উল্লেখযোগ্য যে বান্দৰৰ অত্যচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ দেৰগাঁৱবাসীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ ,প্ৰধানমন্ত্ৰী,মুখ্যমন্ত্ৰী ,জিলা উপায়ুক্ত, ৰাজহ চক্ত বিষয়ালৈ ইতিমধ্যে বহু বাৰ স্বাৰক পত্ৰ প্ৰেৰণ কৰিছে যদিও আজিলৈকে ইয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

আনকি এই বিষয়টিৰ গুৰুত্ব উপলব্ধি কৰি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল কুমাৰ শইকীয়াই সদনত উত্থাপন কৰিছিল যদিও ইয়োৰো কোনো ফল নধৰিল । পৰিণতিত দৈনিক ৰাইজে বন্দৰৰ সমস্যাৰ সৈতে মোকামিলা কৰিব লগা হৈছে। শীঘ্ৰে দেৰগাঁৱবাসীয়ে এই বান্দৰৰ জ্বলন্ত সমস্যাটোক ৰাজ্যিক সমস্যা হিচাপে ঘোষণা কৰি এক বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰি সমস্যাটো সমাধান কৰিবলৈ চৰকাৰীলৈ দাবী জনায়।