অসম

আছুক বিদায় জনাই গেৰুৱা বসন পিন্ধাৰ দিশে ৩০০ৰো অধিক নেতা-কৰ্মী

Asomiya Pratidin

ডিজিটেল ডেস্ক : সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়া ত্যাগ কৰি গেৰুৱা বসন পিন্ধাৰ দিশে ত্ৰিশতাধিক প্ৰাক্তন ছাত্ৰনেতা আৰু কৰ্মী। ছাত্ৰ সন্থাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি বিজেপিমুখী হোৱাৰ কুচকাৱাজ চলাইছে একাংশ প্ৰাক্তন ছাত্ৰনেতাই।

ছাত্ৰ সন্থাৰ পৰা বহিষ্কৃত নেতা দিব্যজ্যোতি মেধিৰ নেতৃত্বত চলিছে এই আখৰা। ছাত্ৰ সংগঠনটোৰ ৩শতাধিক নেতা-কৰ্মীয়ে প্ৰস্তুতি চলাইছে বিজেপিত যোগদানৰ। সোমবাৰে নিশাই দিব্যজ্যোতি মেধিসহ এটা বৃহৎ দলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে।

মেধিয়ে মুখ্য়মন্ত্ৰীৰ নেতৃত্বৰ প্ৰতি তেওঁলোক আকৃষ্ট বুলি স্পষ্টভাৱে উল্লেখ কৰে। ইফালে আছুত চলি থকা বয়স বিতৰ্ক সন্দৰ্ভত তীব্ৰ সৰৱ হয় নেতা দিব্যজ্যোতি মেধি। মুখ্যমন্ত্ৰী ড০ শৰ্মাই অনাগত দিনৰ বাবে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিকলৈ যুৱপ্ৰজন্ম বিজেপিৰ প্ৰতি আকৃষ্ট হোৱা বুলি প্ৰকাশ কৰে।

ইয়াৰোপৰি মুখ্যমন্ত্ৰীৰে হোৱা সাক্ষাৎ গ্ৰহণৰ সময়ছোৱাত তেওঁলোকৰ যোগদান সন্দৰ্ভত প্ৰায় আধা ঘণ্টাৰ এখন বৈঠক অনুষ্ঠিত হয় বুলি মেধিয়ে জানিবলৈ দিয়ে। ইফালে অতি শীঘ্ৰেই তেওঁলোকৰ দলটোৱে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব বুলি মন্তব্য কৰে।