মৰিগাঁও

মৰিগাঁও জিলা যোগী সন্মিলনীৰ ষষ্ঠদশ দ্বি- বাৰ্ষিক অধিবেশনৰ আয়োজন

Asomiya Pratidin

ডিজিটেল সংবাদ, মৰিগাঁও : মৰিগাঁও জিলা যোগী সন্মিলনীৰ ষষ্ঠদশ দ্বি বাৰ্ষিক অধিবেশনখনি ৰবিবাৰে এদিনীয়া কায্যসূচীৰে অনুষ্ঠিত কৰা হ'ব। ২২ ছেপ্টেম্বৰ ৰবিবাৰে মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৮ বজাত পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ হ'ব।

পতাকা উত্তোলন কৰিব মৰিগাঁও জিলা যোগী সন্মিলনীৰ সভাপতি সোমেশ্বৰ নাথে। ৮.৩০ বজাত অনুষ্ঠিত হ'ব স্মৃতি তৰ্পণ অনুষ্ঠান। পুৱা ৯ বজাত প্ৰতিনিধি শিবিৰ মুকলি কৰা হ'ব।

একেদৰে ৯-৩০ বজাত প্ৰতিনিধি সভা মুকলি কৰিব অসম প্ৰাদেশিক যোগী সন্মিলনীৰ উপ সভাপতি ৰামধন নাথে। দুপৰীয়া ২ বজাত মুকলি সভা উদ্ধোধন কৰিব মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথে।

মুখ্য অতিথিৰূপে উপস্থিত থাকিব অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা। বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ব শাসিত পৰিসদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন সু ছন্দ কোঁৱৰ, জিলা আয়ুক্ত দেবাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল।

এই অধিবেশনখনিত যোগী সম্প্ৰদায়ৰ লোকসকলে অনাগত সময়ত ল'বলগীয়া সিদ্ধান্ত সমূহৰ বিষয়ে আলোচনা হ'ব বুলি প্ৰকাশ কৰিছে অভ্যৰ্থনা সমিতিৰ সভাপতি ৰমেন নাথ আৰু সম্পাদক মাণিক কুমাৰ নাথে।