মৰিগাঁও

অসম সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্তি অভিযান

Asomiya Pratidin

ডিজিটেল সংবাদ,মায়ং : অসম সাহিত্য সভাই অসমৰ প্ৰতিখন জিলাৰ অন্তৰ্গত শাখা সাহিত্য সভাক সামৰি আজীৱন সভ্য ভৰ্তি অভিযান কাৰ্যসূচী ইতিমধ্যে আৰম্ভ কৰিছে।তাৰেই অংশ হিচাপে দেওবাৰে মৰিগাঁৱত আজীৱন সভ্য ভৰ্তি কাৰ্যসূচী সম্পন্ন কৰা হয়।

অসম সাহিত্য সভাৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত নতুন কৈ গঠন হোৱা বুৰাবুৰী আঞ্চলিক শাখা সাহিত্য সভাৰ আতিথ্যত বুৰাবুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই কাৰ্যসূচী অনুষ্ঠিত হয়। দেওবাৰে পুৱা ৯-৩০ বজাত আজীৱন সভ্য ভৰ্তি অভিযান কাৰ্যসূচী আৰম্ভ হয়।

এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্রজিৎ শৰ্মাই। মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সমিতিৰ সম্পাদক ড০ অচ্যুত কুমাৰ দাসে।

আজীৱন সভ্যসকলৰ নামৰ তালিকা ঘোষণা কৰে বুৰাবুৰী শাখা সাহিত্য সভাৰ সভাপতি নজৰুল ইছলামে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিত শৰ্মাই কাৰ্যসূচী শুভাৰম্ভ কৰি দিয়া বক্তব্যত কয় যে সাহিত্য হৈছে এটা জাতিৰ দলিল স্বৰূপ। ভাষা নাথাকিলে জাতি ৰক্ষা ন'হব । গতিকে অসমীয়া ভাষা সাহিত্য সুৰক্ষিত কৰি ৰাখিবলৈ হলে অসম সাহিত্য সভাৰ সাংগঠনিক ভেটি তৃণমূল পৰ্যায়ৰ পৰাই শক্তিশালী কৰিব লাগিব।

সমগ্ৰ অসমতে আজীৱন সভ্য ভৰ্তিৰ যি অভিযান আৰম্ভ কৰা হৈছে তাৰ অংশ হিচাপে আজি বুৰাবুৰীত উপস্থিত থাকিবলৈ পাই নিজকে সুখী বুলি মনৰ অনুভৱ ব্যক্ত কৰে সাহিত্য সভাৰ প্ৰধান সম্পাদক গৰাকীয়ে। তেওঁ লগতে কয় যে অসম সাহিত্য সভাক এচাম ব্যক্তিয়ে বিগত সময়ছোৱাত বদনামী কৰি পেলাইছিল।

বিত্তীয় খেলিমেলি কৰি ৰাইজৰ মাজত হাঁহিয়াতৰ পাত্ৰ হ'ব লগা হৈছিল। এতিয়াৰ পৰা আৰু সেই ধৰনৰ কাম কাজ চলিবলৈ দিয়া নহ'ব। অশুভ শক্তি বোৰক সাহিত্য সভাৰ মঞ্চত প্ৰশয় দিয়া নহ'ব। অসম সাহিত্য সভাই কোনো দিনেই অশুভ শক্তিৰ সতে আপোচ নকৰে বুলিও অতি দৃঢ়তাৰে কয় সম্পাদক উপেন্দ্ৰজিত শৰ্মাই।

সভাত উপস্থিত থকা আন এগৰাকী বিশিষ্ট অতিথি তথা নগাঁও আঞ্চলিক সম্পাদক প্ৰতাপ হাজৰিকাই কয় যে বৰ্তমান অসমৰ সামাজিক পৰিৱেশ পৰিস্থিতি বৰ বেছি ভাল নহয়। এচাম সুবিধাবাদী চৰিত্ৰৰ লোকে নিজৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত ধৰ্ম ৰ দোহাই দি শান্তি সম্প্ৰীতিৰে থকা সমাজখনৰ সহজ সৰল মানুহখিনিক ভাগ ভাগ কৰাৰ চক্ৰান্ত ৰচনা কৰি আছে।

পিছে ধৰ্মান্ধ সেই সকল লোক আজিও সফল হ'ব পৰা নাই। এইক্ষেত্ৰত অসম সাহিত্য সভাই অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰাখি সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি ৰখাত এটা গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছে ।

প্ৰতাপ হাজৰিকাই লগতে কয় যে অসম সাহিত্য সভাই সমন্বয় আৰু শান্তি বিচাৰে। সাহিত্য সভাই কোনোদিনেই ধৰ্মীয় দৃষ্টিকোণেৰে কাম কৰা নাই। যাৰ বাবে আজি বুৰাবুৰীত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোক সকল এইদৰে একেখন মঞ্চত বহিবলৈ সক্ষম হৈছে বুলি নিজৰ বক্তব্যত প্ৰকাশ কৰে।

সভাত উপস্থিত থাকি অসম সাহিত্য সভাৰ কোষাধ্যক্ষ মিহিৰ বৰুৱা,ডাক্তৰ বিপিন কলিতাৰ লগতে মৰিগাঁও জিলাৰ সাংগঠনিক সম্পাদক কুশল কুমাৰ বৰায়ো বক্তব্য আগবঢ়ায়। সমজুৱাৰ ফালৰ পৰা লেখক তথা অৱসৰপ্ৰাপ্ত শিক্ষক চেলিমুদ্দিন আহমেদ, গাঁও প্ৰধান ওচমান আলী আৰু আজীৱন সভ্য তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সুধাংশু কুমাৰ দাসে বুৰাবুৰী অঞ্চলৰ ৰাইজ অসম সাহিত্য সভাৰ সতে অংশীদাৰ হ'বলৈ পৰাটো খুবেই আনন্দৰ কথা আৰু অসমীয়া ভাষা সাহিত্যৰ বাবে এটা ইতিবাচক খৱৰ বুলি অভিহিত কৰে।

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মভূমিৰ কাষতে থকা এটা অঞ্চলৰ ৰাইজ ইমান দিনে কিয় অসম সাহিত্য সভাৰ অংশীদাৰ হবলৈ পোৱা নাছিল তাকো উল্লেখ কৰি দুখ প্ৰকাশ কৰে। অৱশ্যে আজি বুৰাবুৰী,ঝাৰগাঁও আৰু কুৰানীবৰী পঞ্চায়তৰ ২৬ জন বিশিষ্ট নাগৰিকে অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ পদ অলংকৃত কৰাৰ খবৰটোৱে সকলোকে আহ্লাদিত কৰে।

আজিৰ সভাতেই প্ৰধান সম্পাদকৰ হাতত বুৰাবুৰী শাখাৰ আজীৱন সভ্যসকলৰ প্ৰ পত্ৰ আনুষ্ঠানিকভাৱে অৰ্পণ কৰাৰ পিছতেই শাখা খনে স্বীকৃতি পোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণাও কৰে।