মৰিগাঁও

৩১ জানুৱাৰীৰ পৰা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰহাঃ উখল মাখল মৰিগাঁও জিলাৰ বাৰপূজীয়া পাঁচোৰজা সমন্বয় ক্ষেত্ৰ । কাইলৈৰ পৰা চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰপূজীয়াত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ একাদশ বাৰ্ষিক বিশেষ অধিৱেশন । বাৰপূজীয়াৰ অধিৱেশন স্থলীৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰত ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে উপস্থিত হয় অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভানেত্ৰী তথা অসমৰ মূখ্যমন্ত্ৰীৰ মাতৃ মৃণালিনী দেৱী ৷

অহা ৩১ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈকে বাৰপূজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা সাহিত্য সভাৰ কাম যুদ্ধকালিন প্ৰস্তুতিৰে চলি থকাৰ মাজতে প্ৰাক্তন উপ সভানেত্ৰী গৰাকী অধিৱেশন স্থলীত উপস্থিত হৈ আদৰণি সমিতিৰ বিষয়ববীয়াৰ লগত মিলিত হৈ সকলো বিষয়ৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে মূল মণ্ডপৰ লগতে অধিবেশন স্থলী পৰিদৰ্শন কৰে ৷

মৃনালিনী দেৱীয়ে আদৰণি সমিতিৰ বিষয়ববীয়াক লাচিতৰ দৰে কাম কৰি এটা দিনৰ ভিতৰত সকলো কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাই ৷ আনহাতে অধিৱেশনৰ কাম মাত্ৰ ৫ শতাংশহে বাকী আছে আৰু মঙ্গলবাৰৰ দিনটোৰ ভিতৰত সকলো কাম সম্পূৰ্ণ হ’ব বুলি আদৰণি সমিতিৰ বিষয়ববীয়াই সংবাদ মাধ্যমৰ আগত অৱগত কৰে আৰু সকলো অসমবাসীৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰাৰ লগতে অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোকে আহ্বান জনায়।