মৰিগাঁও

মৰিগাঁৱৰ ৪১ টা স্বাস্থ্য প্ৰতিষ্ঠানক সামৰি স্বাস্থ্য সেৱা উৎসৱ-২পালন

Asomiya Pratidin

ডিজিটেল সংবাদ,মায়ং : অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে সমগ্ৰ অসমতে স্বাস্থ্য সেৱা উৎসৱৰ প্ৰথম পৰ্যায় সফলতাৰে সম্পন্ন কৰাৰ পিছত ২০ নবেম্বৰৰ পৰা মৰিগাঁও জিলাতো তিনিদিনীয়া কাৰ্যসূচীৰে স্বাস্থ্য সেৱা উৎসৱ - ২ অনুষ্ঠিত হৈছে। মঙলবাৰে দ্বিতীয় দিনাও জিলাখনৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰত এই উৎসৱ পালন কৰা হয়।

আজি মৰিগাঁও জিলাৰ সহকাৰী আয়ুক্ত মৃগনাভ দাস আৰু ডা০ লংকি টিমুঙে এই কাৰ্যসূচীৰ অংশৰূপে বহিঃনিৰীক্ষক হিচাপে মায়ঙৰ পকৰিয়া মৌজাৰ সান্দহ খাইটি চৰ প্ৰাথমিক চিকিৎসালয়খন পৰিদৰ্শন কৰে। তাৰোপৰি জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা০ ফণী পাঠক,সমন্বয়ৰক্ষী বিষয়া পিনাকী ভূষণ মহন্ত,এন আৰ এইচ এম ৰ জিলা প্ৰকল্প প্ৰবন্ধক জুফিন চুলতানা,জিলা তথ্য প্ৰবন্ধক উৎপল ৰয় উপস্থিত থাকি পৰিদৰ্শন কৰে।

চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ সভানেত্ৰী ৰিজুমনি মালাকাৰ,ডা০ চাহবাজ হাছান আৰু চিকিৎসালয়খনৰ গাণনিক তথা সহকাৰী প্ৰকল্প প্ৰবন্ধক কবিৰুল বাছাৰকে ধৰি অঞ্চলৰটোৰ ভালে কেইগৰাকী সমাজ কৰ্মীও উপস্থিত থাকি বিষয়াসকলৰ পৰিদৰ্শন কালত সহযোগ আগবঢ়ায়।

মৰিগাঁও জিলাত স্বাস্থ্য উৎসৱৰ সময়ছোৱাত জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু ৰাজ্যখনৰ শীৰ্ষ পৰ্যায়ৰ কেইবাগৰাকী বিষয়াই মৰিগাঁও জিলাৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ গুণগত মান মূল্যায়ন কৰে। মৰিগাঁও জিলাত স্বাস্থ্য সেৱা উৎসৱৰ অধীনত ৪১টা স্বাস্থ্য প্ৰতিষ্ঠানক সামৰি লোৱা হৈছে।

উল্লেখযোগ্য যে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ গুণগত মান নিৰূপণ, আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্য আৰু সৰ্বসাধাৰণ ৰাইজক মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদান সুনিশ্চিত কৰাৰ লক্ষ্যৰে স্বাস্থ্য সেৱা উৎসৱ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। স্বাস্থ্য সেৱা উৎসৱৰ প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ ভিতৰত মৰিগাঁও জিলাই তৃতীয় স্থান দখল কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল। তদুপৰি মৰিগাঁও অসামৰিক চিকিৎসালয়খনে ৰাজ্যখনৰ ভিতৰত পঞ্চম স্থান আৰু বঘৰা ৰাজ্যিক চিকিৎসালয়খনে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ শিতানত তৃতীয় স্থান দখল কৰি ইতিমধ্য সুনাম অৰ্জন কৰিছিল।