২১ কোটি টকীয়া পথ নিৰ্মাণত দুৰ্নীতি ! ঠিকাদাৰলৈ বিষয়াৰ ভয় কিয় ৰাইজৰ প্ৰশ্ন... 
মৰিগাঁও

২১ কোটি টকীয়া পথ নিৰ্মাণত দুৰ্নীতি ! ঠিকাদাৰলৈ বিষয়াৰ ভয় কিয় ৰাইজৰ প্ৰশ্ন...

৬ মাহতে জহিখহি যোৱাৰ উপক্ৰম কদমতলি কমাৰপুৰ পথ

Asomiya Pratidin

ডিজিটেল সংবাদ জাগীৰোডঃ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কোৱা ৰাজ্যৰ চৰকাৰখনৰ গড়কাপ্তানি বিভাগৰ অধীনত জাগীৰোড সমষ্টিত নিৰ্মাণ কৰা এটা ২১ কোটি টকীয়া পথৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ছয় মাহৰ পিছতে পথৰ অধিকাংশ জহিখহি যাব ধৰিছে যদিও মৰিগাওঁ জিলা গড়কাপ্তানি বিভাগ নিৰ্বিকাৰ হৈ থকাৰ ৰাজহুৱা অভিযোগ উঠিছে।

জাগী ভকত গাঁৱৰ ডিমৰুগুৰি কদমতলিৰ পৰা কলংপাৰলৈ ২২ কিলোমিটাৰ পথৰ কামৰ ঠিকা লাভ কৰিছিল মেচাৰ্ছ লিলি এন্টাৰপ্ৰাইজে। ৰাইজৰ অভিযোগ মতে কাম লাভ কৰাৰ পিছতে প্ৰতিষ্ঠানটোৱে কদমতলিৰ পৰা বহা বজাৰলৈ এজন ঠিকাদাৰক ঠিকা দিয়াৰ বিপৰীতে বহাবজাৰৰ পৰা কমাৰপুৰলৈ পকৰীয়া অঞ্চলৰ এজন ঠিকাদাৰক উপ-ঠিকা দিয়ে।

কদমতলিৰ পৰা বহা বজাৰলৈ উপ-ঠিকাদাৰজনে কাম সম্পূৰ্ণ কৰে যদিও বহা বজাৰৰ পৰা কমাৰপুৰলৈ উপ-ঠিকা লোৱা ঠিকাদাৰ জনে কাম লেহেমীয়া গতিৰে কৰাৰ লগতে অতি নিম্ন মানৰ কাম সম্পূৰ্ণ কৰাৰ ফলত পথৰ অৱস্থা ছয় মাহতে শোচনীয় হৈ ঠায়ে ঠায়ে জহি খহি যোৱাৰ উপক্ৰম হৈছে।

প্ৰাপ্ত অভিযোগ মতে বহা বজাৰৰ পৰা কমাৰপুৰলৈ এই প্ৰায় ১০ কিলোমিটাৰ পথৰ নিৰ্মাণৰ উপ ঠিকা লাভ কৰা ঠিকাদাৰজনে অতি লেহেমীয়া গতিৰে কাম কৰি বৃহত্তৰ এলেকাৰ ৰাইজক জীয়াতু ভোগাইছিল। কালভাৰ্ট আদি নিৰ্মাণ অতি লেহেম গতিৰে কৰাৰ লগতে পথৰ নিৰ্মাণতো অতি নিম্ন মানৰ কাম কৰাৰ অভিযোগ কৰিছে অঞ্চলটোৰ ৰাইজে।

পূৰ্বৰ পকী পথটো খান্দি তাত শিল, বালি দি মজবুতকৈ নিৰ্মাণ কৰিব লাগে যদিও বহা বজাৰৰ পৰা সেয়া কৰা হোৱা নাই বুলি স্থানীয় একাংশ লোকে ক্ষোভৰে উল্লেখ কৰে। স্মৰ্তব্য যে কদমতলিৰ পৰা বহা বজাৰলৈ পথটোতো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত একেই অভিযোগ উঠিছে।

বহা বজাৰৰ পৰা কমাৰপুৰলৈ একেধৰণে পথটো নিৰ্মাণ কৰাৰ ফলত নিৰ্মাণৰ ছয় মাহ নৌহওতেই পকী পথটোৰ অধিকাংশ ফুলি উঠাৰ দৰে হৈ পকী উঠি গৈছে। পিছে মেচাৰ্ছ লিলি এন্টাৰপ্ৰাইজক এই বিষয়ত জবাবদিহি কৰিব পৰা নাই মৰিগাওঁ জিলা গড়কাপ্তানি বিভাগৰ পথ সংমণ্ডলৰ বিষয়াই।

প্ৰসংগত উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ২১ কোটিৰ অধিক ধাৰ্য কৰা ধন ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰণালয়ৰ পৰা আৱণ্টন দিয়া হৈছে। পথছোৱাৰ নিৰ্মাণৰ তদাৰকী কৰিছে অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ মৰিগাওঁ ক্ষেত্ৰীয় পথ সংমণ্ডলে।

পিছে কি কাৰণত জাগীৰোড সমষ্টিৰ অন্তৰ্গত এই গড়কাপ্তানি পথৰ নিৰ্মাণত আসোঁৱাহ চলি থকাৰ পিছতো মেচাৰ্ছ লিলি এন্টাৰপ্ৰাইজক বিভাগটোৱে জবাবদিহি কৰিব পৰা নাই তাক লৈ ৰাইজৰ মনত বহু প্ৰশ্নৰ উদয় হৈছে। বহাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে পথটো ত্ৰুটিহীন ভাৱে নিৰ্মাণ কৰিবলৈ গড়কাপ্তানি বিভাগক দাবী জনাইছে।