ৰহাৰ চাপৰমুখত মৃতদেহ উদ্ধাৰ... 
মৰিগাঁও

ৰহাৰ চাপৰমুখত মৃতদেহ উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ ৰহাঃ ৰহাৰ চাপৰমুখত ৰে'ল বিভাগৰ এটা পৰিত্যক্ত ঘৰত এটা মানৱ কংকাল উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। চাপৰমুখৰ লুকুছেদ কলনিৰ এটা পৰিত্যক্ত ৰে'লৱে গৃহত উদ্ধাৰ পুৰুষৰ মৃতদেহটো।

জানিব পৰা মতে বটল বিচাৰি ফুৰা এটি কিশোৰে বটল বিচাৰি যাওঁতেই মৃতদেহটো চকুত পৰে। পিচত কিশোৰজনে স্থানীয় লোকক জনোৱাত স্থানীয়লোকে চাপৰমুখ ৰে'ল আৰক্ষীক খবৰ দিয়ে।

ৰে'ল আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰিছে অচিনাক্ত কংকালসদৃশ মৃতদেহটো। লোকজনৰ কেনেকৈ মৃত্যু হ'ল বা কেতিয়াৰ পৰা এই মৃতদেহ এই স্থানত পৰি আছে সেয়া লৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰে'ল আৰক্ষীয়ে ইতিমধ্যে অনসন্ধান আৰম্ভ কৰিছে।