ৰহাত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা আৰু সজাগতা সভা সম্পন্ন  
মৰিগাঁও

ৰহাত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা আৰু সজাগতা সভা সম্পন্ন

Asomiya Pratidin

ডিজিটেল সংবাদ ৰহাঃ ইতিহাস হ'ল আই পি চি, চি আৰ পি চি আৰু আই ই আইন তিনিখন। আজিৰ পৰা সমগ্ৰ দেশত বলৱৎ হোৱা ফৌজদাৰী আইন সম্পৰ্কত ৰহা থানাৰ উদ্যোগত আৰক্ষী চৌহদৰ ভিডিপি ভৱনত এখন সজাগতা সভা অনুষ্ঠিত হয়।

ৰহা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু দেৱে উদ্দেশ্য ব্যাখ্যা কৰা সজাগতামূলক সভাখনত অংশগ্ৰহণ কৰে নগাঁও আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই। নতুন ফৌজদাৰী আইন ৩ খন সমগ্ৰ ভাৰততে আজিৰে পৰা বলবৎ হোৱাৰ পৰিলক্ষিতত নতুন আইন তিনিওখনৰ ওপৰত বিশদভাৱে সভাত আলোচনা কৰা হয়। ইয়াৰোপৰি জনসাধাৰণক সজাগ সচেতন কৰিবৰ বাবে এই সজাগতা সভাখন আয়োজন কৰা হয় ।

এই সভাত তিনিওখন আইনৰ ওপৰতে বিস্তাৰিত আলোচনা কৰা হয় । সমগ্ৰ দেশত বলৱৎ হোৱা তিনিওখন ফৌজদাৰী আইনৰ জৰিয়তে সাধাৰণ ৰাইজ কেনেদৰে উপকৃত হ’ব, সেই বিষয়ে সভাত আলোচনা হয় । উক্ত সভাত গাঁওৰক্ষী বাহিনী, গাঁওবুঢ়াকে ধৰি বিভিন্নলোক উপস্থিত থাকে।