মৰিগাঁও

মৰিগাঁৱত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন

Asomiya Pratidin

ডিজিটেল সংবাদ,মায়ং : প্ৰতি মাহৰ দৰে মঙলবাৰেও মৰিগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন সমিতিৰ এই মাহৰ বৈঠক পৰ্যালোচনা বৈঠকখন অনুষ্ঠিত হয়। জিলা আয়ুক্ত দেবাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকত জিলাখনৰ সকলো বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰা হয়।

জিলা আয়ুক্তগৰাকীয়ে প্ৰতিটো বিভাগক পাৰস্পৰিক সহযোগিতা আৰু সমন্বয়েৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে। আয়ুক্ত শৰ্মাই লোকনিৰ্মাণ পথ বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰি কোনো আঁচনিত অন্তৰ্ভুক্ত নোহোৱা জিলাখনৰ আটাইতকৈ বেয়া পথসমূহৰ এখন তালিকা যুগুত কৰি ২০ দিনৰ ভিতৰত জিলা আয়ুক্তৰ ওচৰত দাখিল কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে যাতে জিলা প্ৰশাসনে এই পথসমূহৰ মেৰামতি তথা পুনৰ নিৰ্মাণৰ বাবে চৰকাৰক অনুৰোধ জনাব পাৰে।

মৰিগাঁও নগৰৰ মাজৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখেৰে যোৱা ৮ কোটি টকা ব্যয়সাপেক্ষ গৌৰৱ পথটোক আটকধুনীয়াকৈ নিৰ্মাণ কৰাত কোনোধৰণৰ আপোচ নকৰিবলৈ বিভাগৰ প্ৰতি আয়ুক্তগৰাকীয়ে আহ্বান জনায়। তেওঁ প্ৰসংগক্ৰমে কয় যে, মৰিগাঁও নগৰৰ পদুম পুখুৰীত সাংসদ পুঁজিৰে ১০ লাখ টকা ব্যয়সাপেক্ষে এটা পানীৰ ফোঁৱাৰা নিৰ্মাণ কৰা হ'ব।

মৰিগাঁও নগৰখনক আটকধুনীয়া ৰূপত সজাই-পৰাই তোলাৰ ওপৰত প্ৰশাসনে গুৰুত্ব দিয়া বুলি তেওঁ উল্লেখ কৰে। বন বিভাগক জিলাখনৰ অবৈধ কাঠফলা মিলসমূহ চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈও আয়ুক্ত শৰ্মাই নিৰ্দেশ দিয়ে। সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনাকালত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া লক্ষীনন্দন চহৰীয়াই জিলা আয়ুক্তগৰাকীক অৱগত কৰে যে, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত জিলাখনত ১৬ হাজাৰ ঘৰ অসম্পূৰ্ণ হৈ আছে আৰু অতিৰিক্তভাৱে ৭৬৪৭ টা বাসগৃহৰ নিৰ্মাণৰ কাম অহা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে।

একেদৰে ৭৫ টা অমৃত সৰোবৰৰ ভিতৰত ৭৩ টাৰ খনন সম্পূৰ্ণ হৈছে বুলি তেওঁ উল্লেখ কৰে। জিলা আয়ুক্তগৰাকীয়ে মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য আৰু জিলাখনৰ আন গুৰুত্বপূৰ্ণ নিৰ্মাণসমূহৰ অগ্ৰগতিৰ বুজ লয়। সভাত জিলা আয়ুক্তগৰাকীয়ে প্ৰতিটো বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰি উন্নয়নমূলক কামসমূহ ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে জনসাধাৰণ হাৰাশাস্তিৰ সন্মুখীন নহয়।

সভাত জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰীয়ে প্ৰতিটো বিভাগক এই সভাত লোৱা সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ বাবে কাম কৰিবলৈ আহ্বান জনাই কয় যে, তেতিয়াহে জিলা উন্নয়ন সমিতিৰ বৈঠক ফলপ্ৰসূ হ'ব। সভাত অতিৰিক্ত জিলা আয়ুক্তদ্বয় ডঃ সংগীতা বৰঠাকুৰ আৰু প্ৰাঞ্জল বৰুৱাকে ধৰি লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা ইস্তিয়াক আহমেদ আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।