মৰিগাঁও

মায়ঙৰ আশীঘৰত অগ্নিকাণ্ড

Asomiya Pratidin

ডিজিটেল সংবাদ, মায়ং: মৰিগাঁও জিলাৰ মায়ঙৰ আশীঘৰত মঙলবাৰে দুপৰীয়াৰ ভাগত সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত এটা পৰিয়ালৰ ঘৰ- বাৰী,সা-সম্পত্তি জাহ যায়।

গাঁৱখনৰ ৰোহিত মিঞা নামৰ লোকজনৰ ঘৰত জুই লগা বুলি জানিব পৰা গৈছে। জুইৰ লেলিহান শিখাই নিমিষতে সকলো সা-সম্পত্তি,নথি-পত্ৰ চাৰখাৰ কৰে। বৈদ্যুতিক বিজুতিৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে।