মৰিগাঁও

অসমত বিদেশী বা বহিঃৰাগতৰ দপদপনি নচলিব : তিৱা জাতীয় সংগঠনৰ হুংকাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,জাগীৰোড : "যোৱা কিছুদিন ধৰি অসমৰ সমাজ জীৱনত ব্যাপক ক্ষতি কৰাৰ প্ৰৱণতা থকা কিছুমান বা- বাতৰিয়ে অসমৰ মূল ভূমিপুত্ৰ জনজাতি সকলক অপমান কৰা হৈছে। অসমৰ ভূমিপুত্ৰ জনগোষ্ঠী বা প্ৰাচীন কালৰে পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বুকুত বসবাস কৰা প্ৰাগ-ঐতিহাসিক নৃগোষ্ঠী বা প্ৰাচীন অধিবাসী হিচাপে অকপতে আৰু বহুত সহজ-সৰলভাৱে এটা কথা উল্লেখ কৰিব বিচাৰো-

বৃহস্পতিবাৰে অসম বিধানসভাত তিৱা জনগোষ্ঠীৰ একমাত্ৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে কথা কোৱাৰ লগে লগেই বিৰোধীৰ বিধায়কসকলে এক হুলস্হূলীয়া পৰিৱেশৰ সৃষ্টি কৰাটোক লৈ আমি জনগোষ্ঠীটোৰ জাতীয় সামাজিক সংগঠন হিচাপে অপমানবোধ কৰিছো"- এইদৰে মন্তব্য কৰে সদৌ তিৱা ছাত্ৰ সন্থাকে ধৰি কেইবাটাও তিৱা জাতীয় সংগঠনে।

লগতে কয়- বিধায়ক দেউৰীয়ে অসমৰ জ্বলন্ত সমস্যাৰ ওপৰত মতামত আগবঢ়াব বিচাৰিছিল। কিন্তু সুযোগ প্ৰদান কৰা পৰিলক্ষিত নহ'ল।

তিৱা জনগোষ্ঠীটোক অপমান কৰা হৈছে। এইটো স্পষ্ট যে তেখেতৰ উপস্থাপন সঠিকভাৱে প্ৰকাশ নাপালে। আমি অসম বিধানসভাৰ প্ৰতিগৰাকী বিধায়কৰে বাক্ স্বাধীনতা ভৱিষ্যতে খৰ্ব নকৰিবলৈ অসমৰ ১২৬ জন বিধায়কলৈ সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ আৰু তিৱা মহিলা পৰিষদৰ তৰফৰ পৰা বিপুল আহ্বান জনালো " বুলি কেইবাটাও তিৱা জাতীয় সংগঠনে উল্লেখ কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি চেনিৰাম মালাং, তিৱা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি কৃষ্ণ কোঁৱৰ, তিৱা মহিলা পৰিষদৰ সভানেত্ৰী দয়ালী দেউৰীয়ে শুকুৰবাৰে এক যুটীয়া প্ৰেছ বিবৃতিত সম্প্ৰতি অসমত চৰ্চিত হৈ থকা সমস্যা সন্দৰ্ভত কেতবোৰ কথা উল্লেখ কৰে।

বিবৃতিযোগে কয় যে যোৱা কিছুদিন ধৰি অসমৰ সমাজ জীৱনত ব্যাপক ক্ষতি কৰাৰ প্ৰৱণতা থকা কিছুমান বা- বাতৰিয়ে অসমৰ মূল ভূমিপুত্ৰ জনজাতিসকলক অপমান কৰা হৈছে। উজনি অসমত বীৰ লাচিত সেনাই যি পদক্ষেপ গ্ৰহণ কৰিছে সঁচাই প্ৰসংশনীয় আৰু আদৰণীয় বুলি উল্লেখ কৰে।

তাৰোপৰি কয়- অসমত বিদেশী বা বহিৰাগতৰ দপদপনি আমি জনজাতীয় সংগঠনসমূহে কোনোপধ্যেই সহ্য কৰিব নোৱাৰোঁ। কিন্তু অসমৰ জনগাঁথনি বিগত ৫০/৭০ বছৰত পৰিবৰ্তিত সমাজ জীৱনত ব্যাপক হাৰত সলনি হৈ গ'ল।

এই সমস্যাবোৰ অসমৰ উমৈহতীয়া জ্বলন্ত সমস্যা। কিন্তু গণতান্ত্ৰিকভাৱে গঠিত চৰকাৰসমূহে আজিলৈকে কি পদক্ষেপ গ্ৰহণ কৰিলে এবাৰ বিশ্লেষণ কৰাৰ প্ৰয়োজন। কাৰণ গঠন হৈ যোৱা চৰকাৰসমূহ অসমৰ বৃহত্তৰ অসমীয়া জাতিয়ে ভোটাধিকাৰ সাব্যস্ত কৰি নিৰ্বাচিত কৰি পঠোৱা চৰকাৰ।

অসমত বহিঃৰাগতক মাটি গতাই দিয়া, কিনা-বেচা বা হস্তান্তৰ কৰি চৰকাৰীভাৱে বন্দোবস্তি কৰি দিয়া মানুহবোৰতো অসমীয়া মানুহ। বহিৰাগতক মাটি গতাই দিয়া কেইজনহে বেছি জগৰীয়া। সেইজনহে বদন বৰফুকন। সেইকেইজনকহে আমি দৃষ্টান্তমূলকভাৱে বাৰণ কৰিব লাগে আৰু শাস্তি দিব লাগে । আইন, আদালত, প্ৰশাসনিক ব্যৱস্থাটো আমি নিৰ্বাচিত কৰি পঠোৱা চৰকাৰৰ হাতত বুলি কয়।

বিবৃতিটোত লগতে কোৱা হৈছে যে, শেহতীয়াভাৱে ধিঙৰ কাণ্ডই নতুন মোৰ ল'লে। অপৰাধী অপৰাধীয়েই হয়। আততায়ী আততায়ীয়েই হয়। দুস্কৃতিকাৰী দুস্কৃতিকাৰীয়েই হয়। ইহঁতৰ কোনো জাতি ধৰ্ম নাথাকে, জাত পাত নাথাকে। এই ঘটনাক লৈয়ে হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ হোৱাটো অসমৰ সমাজ জীৱনৰ বাবে অশনি সংকেত।

শাসকীয় পক্ষই সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰিলেই আমি ওভতগোৰে নচাটো সমাজ জীৱনৰ বাবে ক্ষতিকাৰক দিশ। হিন্দু মুছলমানক ভাগ ভাগ কৰি সাতামপুৰুষীয়া অসমৰ সমাজ জীৱনত যাতে কু-প্ৰভাৱ নপৰে তাৰ বাবে আমি তিৱা জাতীয় সংগঠনৰ তৰথৰ পৰা অসমৰ সমাজ জীৱনৰ সকলো পক্ষকে আত্ম সংযমী হ'বলৈ বিপুল আহ্বান জনালো।

অতি স্পৰ্শকাতৰ বিষয যে মধ্য অসমৰ তিৱাসকলৰ লগতে বসবাস কৰা প্ৰতিৱেশী অন্যান্য জনগোষ্ঠী ভাষা-ভাষী আৰু ধৰ্মাৱলম্বী লোকে বসবাস কৰা অঞ্চল হিচাপে আমাৰ মাজত যাতে ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ বাবে সকলো পক্ষকে বিনম্ৰ আহ্বান জনালো। এটা কথা উল্লেখ কৰিব বিচাৰো আমি অসমত ৰজাদিনীয়া কালৰে পৰা বা আগৰে পৰা বসবাস কৰা নৃগোষ্ঠী- জনগোষ্ঠী বোৰো আমাৰ প্ৰয়োজন হোৱা আৱশ্যকীয় খাদ্য সামগ্ৰী বোৰ নিজে উৎপাদন নকৰো। আমি পৰমুখাপেক্ষী। আমি উৎপাদনমুখী হ'ব পাৰিছো নে নাই। উৎপাদনমুখী হোৱাৰ নিতান্তই আৱশ্যকতা আছে বুলি বিবৃতিত উল্লেখ কৰে।