মৰিগাঁও

মায়ং আঞ্চলিক মহাবিদ্যালয়ত ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া

Asomiya Pratidin

ডিজিটেল সংবাদ, মায়ংঃ প্ৰথমবাৰৰ বাবে মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ত উপস্থিত হয় অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া। 'নাক'ৰ এ+ গ্ৰেড লাভ কৰা মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ত শনিবাৰে অনুষ্ঠিত কৰা হয় "আত্ম নিৰ্ভৰ ভাৰতৰ বাবে দক্ষ যুৱক" শীৰ্ষক যুৱ সন্মিলন 2.0 ।

উত্তৰ-পূব দক্ষতা কেন্দ্ৰ, অসম চৰকাৰৰ, অসম দক্ষতা বিকাশ মিছন-এন.ই.এছ.চি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন.এছ.এছ. গোটৰ সহযোগত এই অনুষ্ঠানটিৰ আয়োজন কৰা হয়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া। ৰাজ্যপাল গৰাকীয়ে অনুষ্ঠান উপস্থিত থকা যুৱক-যুৱতী উদ্দেশ্যি কাৰিকৰী বিষয়ত ভাৰত চৰকাৰে ৰূপায়ন কৰি থকা বিভিন্ন দিশসমূহ উল্লেখ কৰে।তদুপৰি নৱপ্ৰজন্মই আত্ম নিৰ্ভৰ হ'বলৈ কেনেদৰে আগবাঢ়িব লাগে ইয়াক উল্লেখ কৰি মহাবিদ্যালয়সমূহত আত্ম নির্ভৰশীল হোৱাৰ ওপৰত শিক্ষা প্ৰদান কৰিব লগে বুলিও উল্লেখ কৰে ৰাজ্যপাল গৰাকীয়ে।

অনুষ্ঠানটোত অসম চৰকাৰৰ দক্ষতা বিকাশ অভিযানৰ জৰিয়তে কেনেদৰে যুৱক-যুৱতীয়ে উপকৃত হ'ব পাৰে বা কেনেদৰে কৰ্ম সংস্থাপন লাভ কৰিব পাৰে ইয়াৰ ওপৰত বাখ্যা আগবঢ়োৱা হয়। অনুষ্ঠানটো আঁত ধৰে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ড০ উৎপল নাথে। আদৰনি ভাষণ আগবঢ়াই মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মহানন্দ বৰাই।

অনুষ্ঠানত অসম দক্ষতা কেন্দ্ৰৰ বিষয়ববীয়া, অসম চৰকাৰৰ শিক্ষক শিক্ষা পৰিষদৰ সচিবৰ লগতে মাষ্টাৰ চেফ বিজয়ী নয়নজ্যোতি শইকীয়াও উপস্থিত থাকে। সভাখনত অঞ্চলটোৰ তিনি শতাধিক ৰাইজ উপস্থিত থাকে।