মৰিগাঁও

পহিলা মাঘঃ আঁহতগুৰিত ঐতিহাসিক গোনা ম’হযুঁজ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি পহিলা মাঘ। মাঘৰ প্ৰথম দিনটোত মংগল কামনাৰে ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মঠ-মন্দিৰ, নামঘৰসমূহত । মাঘ বিহুৰ লগত সংগতি ৰাখি গঞাই অনুষ্ঠিত কৰি আহিছে পৰম্পৰাগত ম’হ যুঁজ। ৯ বছৰ বিৰতিৰ পিছত ৰাজ্যত আকৌ অনুষ্ঠিত হৈছে ম’হ যুঁজ।

ৰাজ্য চৰকাৰৰ নীতি-নিয়মৰ মাজেৰে অনুষ্ঠিত হৈছে অসমৰ বিভিন্ন ঠাইত ম’হ যুঁজ । পহিলা মাঘ অৰ্থাৎ আজি ঐতিহাসিক পৰম্পৰা ৰক্ষা কৰি মৰিগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰত আয়োজিত হৈছে গোনা ম’হ যুঁজ। পৰম্পৰাগতভাৱে চলি অহা আঁহতগুৰিৰ ম’হ যুঁজ অতি বিখ্যাত। ১৯৭২ চনৰ পৰা ইয়াত আনুষ্ঠানিকভাৱে ম’হ যুঁজ অনুষ্ঠিত হৈ আহিছে। কিন্তু ন্যায়ালয়ৰ  নিষেধাজ্ঞা অনুসৰি ২০১৫ চনৰ পৰা নিষিদ্ধ আছিল ম'হ যুঁজ ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আঁহতগুৰিৰ ম’হযুঁজ মুকলি কৰে । লগতে উপস্থিত থাকে ৰিণিকি ভূঞা শৰ্মা,  পীযুষ হাজৰিকা আৰু পৰিয়ালবৰ্গ , বিধায়ক ৰমাকান্ত দেউৰী , সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা , বিধায়ক ৰূপক শৰ্মা আৰু কেইবাজনো মন্ত্ৰী, বিধায়ক আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

গোনা ম'হৰ যুঁজত কঁপি উঠিছে আঁহতগুৰি। এই ম'হ যুঁজ চাবলৈ লোকে লোকাৰণ্য হৈ পৰিছে সমগ্ৰ আঁহতগুৰি অঞ্চল। ডেকা-বুঢ়া, গাভৰু; স্থানীয় ৰাইজৰ লগতে দূৰ দূৰণিৰ পৰা অহা লোকে পৰম্পৰাগত ম'হযুঁজ উপভোগ কৰে। উল্লেখ্য যে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বাপতি সাহোন ভোগালী বিহুত অনুষ্ঠিত হৈ অহা মধ্য অসমৰ ম'হ যুঁজে বিশেষভাৱে সকলো লোককে আকৰ্ষিত কৰি আহিছে।