ভৰিৰ জোতা, চেণ্ডেল ল'বলগীয়া হৈছে হাততঃ জাগীৰোড সমষ্টিত উন্নয়নৰ নগ্ন স্বৰূপ 
মৰিগাঁও

ভৰিৰ জোতা, চেণ্ডেল ল'বলগীয়া হৈছে হাততঃ জাগীৰোড সমষ্টিত উন্নয়নৰ নগ্ন স্বৰূপ

Asomiya Pratidin

ডিজিটেল সংবাদ মায়ংঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ দিনত অসমৰ গাঁৱে ভূঞে উন্নয়ন হোৱা বুলি যি দাবী কৰি আহিছে তাৰ বিপৰীত ছবিহে দেখা গৈছে মৰিগাওঁ জিলাৰ জাগীৰোড বিধানসভা সমষ্টিত।

সমষ্টিটোৰ এটা ব্যস্ত গড়কাপ্তানী পথে বাৰুকৈয়ে জ্বলা কলা খুৱাইছে প্ৰায় ২০ সহস্ৰাধিক ৰাইজক। মায়ঙৰ বুৰাবুৰীত আছে এই গড়কাপ্তানী পথটো। পিছে এইটো পথ নে পথাৰ ধৰিবই নোৱাৰি।

এজাক বৰষুণ দিলেই পথটোত একাঠুৰ পৰা এককাললৈ পানী জমা হয়।পুখুৰী সদৃশ গাতৰ সৃষ্টি হৈছে পথটোৰ মাজত। তিনিখন গাঁও পঞ্চায়তৰ ২০ সহস্ৰাধিক ৰাইজৰ যাতায়তৰ বাবে একমাত্ৰ পথ এই টোৱেই।

প্ৰায় ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথত এতিয়া যমৰ যাতনা ভূগিব লগা হৈছে ৰাইজে। এই পথটোৰেই দৈনিক স্কুল, কলেজৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, চৰকাৰী কৰ্মচাৰী, ব্যৱসায়ীকে ধৰি সকলো শ্ৰেণীৰ নাগৰিকে অহা যোৱা কৰে।

পথটোৰে চলাচল কৰা প্ৰতিখন বাহনেই বোকাৰে লুতুৰি পুতুৰি হৈছে। খোজেৰে যাত্ৰা কৰা সকলো লোকেই ভৰি জোতা, চেণ্ডেল হাতত ল'ব লগা হৈছে। পথটোৰ দুই মূৰত আছে বুৰাবুৰী হাইস্কুল, কুৰানীবৰী হাইস্কুল। ইয়াৰোপৰি আছে ব্যক্তিগতখণ্ডৰ ৩ খন বিদ্যালয়।

মায়ং আৰু ঝাৰগাঁও কলেজৰ বহু ছাত্ৰ-ছাত্ৰীও আহে এই পথেৰে। বুৰাবুৰী জামে মছজিদ আৰু আহমদীয়া মাদ্ৰাছাৰ কাষত পথৰ মাজতে আছে পুখুৰী সদৃশ এটা গাত।কুৰানীবৰীৰ পৰা দিপ্ৰাং বজাৰলৈ এই পথত আৰু ভয়াবহ পৰিস্থিতি। তাৰ পিছতো কিন্ত কানসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ।

উল্লেখযোগ্য যে বুৰাবুৰী বজাৰৰ পৰা কুৰানীবৰী পঞ্চায়ত হৈ পবিতৰাৰ কিনাৰেদি গৈ বৰপাক গাঁও পঞ্চায়তৰ লগত সংযোগ হৈ আছে এই পথটো। গুৱাহাটীৰ সৈতে সংযোগ হৈ থকা কমাৰপুৰ-বহা পথৰ দিপ্ৰাং বজাৰত গৈ উঠিব পাৰি এই পথটোৰে গৈ।

এনে এটা গুৰুত্বপূৰ্ণ পথৰ এই অৱৰ্ণনীয় পৰিৱেশে এতিয়া জুৰুলা কৰিছে পথটো ব্যৱহাৰ কৰা সকলো লোককে। উল্লেখ্য যে, মৰিগাঁও জিলাৰ গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু উপ-সংমণ্ডল বিষয়াই দুমাহ পূৰ্বে এই পথটোৰ জৰাজীৰ্ণ আৰু বিধ্বস্ত অৱস্থাটো পৰিদৰ্শন কৰি যায় যদিও কোনো মেৰামতি নহ'ল আজি পৰ্যন্ত।

নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলৰ নেতা, কৰ্মীৰ ভোট বিচাৰি প্ৰতিযোগিতা চলে। পিছে এটা সদা ব্যস্ত গড়কাপ্তানী পথৰ দুৰৱস্থাৰ কথা এদিনো নাভাবে এই নেতাসকলে। যাৰ ফলত এতিয়া উদ্বিগ্ন হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। কেতিয়া এই পথ মেৰামতি কৰি যাতায়তৰ বাবে সূচল কৰি তুলিব সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

ইফালে এই পথটোৰ দৰেই একেই একেই দুৰৱস্থা কুৰানীবৰীৰ পৰা গৰুমৰা নেকেৰাহাবী গাৱৰ মূল পথটোৰো। বোকা, পানী গছকি প্ৰায় ২ কিলোমিটাৰ পথ খোজ কাঢ়ি যাব লাগে শিক্ষক, ছাত্ৰ-ছাত্ৰীসকলে। ঘৰৰ পৰা ওলাই ক'তো যাব নোৱাৰে গাওঁখনৰ লোকসকল। তাৰ পিছতো ৰাইজ আশাবাদী। সামান্য মেৰামতি কৰি দিলেই যাতায়তৰ উপযোগী হৈ পৰিব পথটো।