দুৰ্ঘটনা 
মৰিগাঁও

জাগীৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত বহুকেইজন লোক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত সঘনাই বৃদ্ধি পাব ধৰিছে পথ দুৰ্ঘটনা । জাগীৰোডত সংঘটিত গৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ।

মঙলবাৰে দুপৰীয়াৰ ভাগত সংঘটিত হৈছে এই দুৰ্ঘটনা । নগাঁও কাগজ কলৰ সমীপত সংঘটিত হৈছে দুৰ্ঘটনা । আহত হৈছে বহু কেউজন লোক । ট্ৰাক আৰু ট্ৰেভেলাৰৰ মাজত সংঘটিত হৈছে মুখামুখি সংঘৰ্ষ ।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ১৫ জনকৈ লোক । আহতসকলক ততাতৈয়াকৈ নখোলা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

ট্ৰভেলাৰখনৰ নম্বৰ হৈছে AS12OC3361 । লাকি ট্ৰেভেলছৰ অন্তৰ্গত ট্ৰেভেলাৰখনৰ নাম হৈছে দিছা । ট্ৰাকখনৰ নম্বৰ AS01NC7286 ৷

গুৱাহাটীৰ পৰা নগাঁও অভিমুখে ট্ৰেভেলাৰখন গৈ থাকোতে সংঘটিত হৈছে এই দুৰ্ঘটনা । দুৰ্ঘটনাত ট্ৰেভেলাৰখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ধ্বংশ হৈছে ।