মৰিগাঁও

মৰিগাৱঁত সংঘটিত হৈছে জঘন্য ঘটনা

Asomiya Pratidin

ডিজিটেল সংবাদ, লাহৰিঘাটঃ মৰিগাঁৱৰ ভূৰাগাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা। এগৰাকী মহিলাক ঘৰৰ পৰা চোচোৰাই নি পুৰুষ-মহিলাৰ দলবদ্ধ মাৰপিট। এজাহাৰৰ পিছতো নিৰৱ ভূৰাগাঁও আৰক্ষী, ন্যায় বিচাৰি ভুক্তভোগী পৰিয়ালৰ তীব্ৰ প্ৰতিবাদ।

মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ফলিহামিৰী গাঁৱত সংঘটিত হয় এক জঘন্য বৰ্বৰ, অমানৱীয় ঘটনা। শ্বৰুফা বেগম নামৰ মহিলা গৰাকীক ঘৰত তাইৰ স্বামী নথকাৰ সুযোগতে মহিলাগৰাকীক পুৰুষ-মহিলাই দলবদ্ধ আক্ৰমণ চলাই।

উল্লেখ্য যে ৰহমত আলী নামৰ লোকজনৰ প্ৰাপ্য টকা তেওঁৰ পত্নী শ্বৰুফা বেগমে বিচাৰিবলৈ যোৱাত চিনেমাৰ কায়দাৰে শ্বৰুফা বেগম নামৰ মহিমা গৰাকীৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলাই।

উক্ত ঘটনাত জড়িত থকা লোককেইজন হ'ল আবুল কালাম,মাৰফুজুল ইছলাম, জুবাইৰ আলম, এবাদুল্লা, হৰমুজ আলী, ছুলমান আলি, মইনুল হক, আব্দুল্লাহ আৰু আইনুল।

ঘটনা সন্দৰ্ভত  ভূৰাগাঁও থানাত এজাহাৰ দাখিল কৰাৰ  ৪ দিনৰ  পিছতো আৰক্ষীয়ে  এনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ভুক্তভোগী লোকৰ পৰিয়ালে আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।