মৰিগাঁও

কাইলৈ লক্ষ্মী পূজা : মায়ঙত সাৰ্বজনীন লক্ষ্মী পূজাৰ আয়োজন

Asomiya Pratidin

ডিজিটেল সংবাদ,মায়ং : সোনালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা ঐতিহাসিক মায়ঙৰ সাৰ্বজনীন লক্ষ্মী পূজা শনিবাৰৰ পৰা আৰম্ভ হ'ব। ৫৩ বৰ্ষত ভৰি দিয়া মায়ঙৰ লক্ষ্মীপূজা অইনবেলিৰ দৰে এইবেলিও ৩দিনীয়াকৈ আয়োজন কৰা হৈছে।

পূজা উদযাপনৰ বাবে এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে। ৰাজেন শইকীয়াক সভাপতি,ঘনশ্যাম নাথক সম্পাদক হিচাপে লৈ এই উদযাপন সমিতি গঠন কৰা হৈছে। লক্ষ্মী পূজাৰ কাইলৈ প্ৰথম দিনৰ কাৰ্যসূচী সন্ধিয়া ৫-০০বজাত লক্ষ্মী প্ৰতিমা স্থাপন। ইয়াৰ পিছতেই পূজা আৰম্ভ আৰু নিশাৰ ভাগত ভাগৱত পাঠ অনুষ্ঠিত কৰা হ'ব।

২৯ অক্টোবৰ দ্বিতীয় দিনা দিহানাম,সম্বৰ্ধনা অনুষ্ঠান আৰু নিশা ৰজা মায়ং নাট্য গোষ্ঠীৰ দ্বাৰা নাট প্ৰদৰ্শন কৰা হ'ব। অনুষ্ঠানৰ অন্তিম তথা ৩০অক্টোবৰত দিহানাম আৰু নিশা ছয়গাঁও বিষ্ণুজ্যোতি নাট্য গোষ্ঠীৰ "কলংকিত নায়ক" নাটখনি মঞ্চস্থ কৰা হ'ব।

উল্লেখ্য যে, বিগত কেইবছৰতো যথেষ্ট উলহ-মালহেৰে মায়ং সাৰ্বজনীন লক্ষ্মী পূজা উদযাপন কৰি অহা হৈছে। লক্ষ্মীপূজাৰ সময়ত প্ৰতি বছৰে সমগ্ৰ মায়ং অঞ্চলত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।