মায়ঙৰ বহা সাতকাবৰীৰ মাছ ব্যৱসায়ী হত্যাকাণ্ডৰে জড়িত অভিযুক্তক আটক 
মৰিগাঁও

মায়ঙৰ বহা সাতকাবৰীৰ মাছ ব্যৱসায়ী হত্যাকাণ্ডৰে জড়িত অভিযুক্তক আটক

Asomiya Pratidin

ডিজিটেল সংবাদ, মায়ং : দেওবাৰে পুৱতি নিশা মায়ঙৰ বহা সাতকাবৰীত সংঘটিত হোৱা এক হত্যাকাণ্ডৰ ঘটনাত অভিযুক্ত আটক কৰিছে গাঁওৰক্ষী বাহিনীয়ে। দেওবাৰে দিনৰ ভাগত বৰবৰী বজাৰৰ পৰা আটক কৰে অভিযুক্ত আব্দুল বাচিৰ নামৰ লোকজনক।

স্থানীয় লোকৰ অভিযোগ অনুসৰি ধৃত লোকজনে হত্যাকাণ্ড সংঘটিত কৰিয়েই পলাই গৈছিল। ধৃত আব্দুলে ইয়াৰ পূৰ্বে নিজ পিতৃকো ঘৰৰ পৰা খেদি পঠিয়াইছিল।

ইফালে আন এক ভাষ্য অনুসৰি হত্যাকাণ্ডৰে অভিযুক্ত আব্দুল বাচিৰ এজন মানসিকভাৱে বিকাৰগ্ৰস্ত লোক। অৱশ্যে ই কিমান দূৰ সত্য, সেয়া তদন্তৰ পাছতহে পোহৰলৈ আহিব। ইতিমধ্যে অভিযুক্তক কৰায়ত্ব কৰিবলৈ আৰক্ষীৰ এটা দল মায়ঙৰ গাগলমাৰী পঞ্চায়তৰ বৰবৰী বজাৰলৈ ৰাওনা হৈছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে আজি পুৱতি নিশা বহা সাতকাবৰীত সংঘটিত হৈছিল চাঞ্চল্যকৰ হত্যাকাণ্ড। দাৰে ঘপিয়াই আক্ৰমণ চলোৱাৰ ফলত থিতাতে মৃত্যু হৈছিল ৩৫ বছৰীয়া ইক্ৰামূল হক নামৰ এজন লোকৰ। পেছাত মাছ বেপাৰী ইক্ৰামূৱলে পুৱতি নিশা মাছ ক্ৰয় কৰিবলৈ যোৱাৰ পথতে এই ঘটনা সংঘটিত হৈছিল।

প্ৰথমাৱস্থাত গাঁৱৰে এজন লোকে হত্যা কৰা বুলি জানিব পৰা গৈছিল যদিও এতিয়া এই অভিযোগত নাম সাঙোৰ খাইছে আব্দুল বাচিৰ নামৰ লোকজনৰ। গাঁওৰক্ষী বাহিনীৰ হাতত আটক হোৱা অভিযুক্ত আব্দুলক আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ব কৰিবলৈ ৰাওনা হৈছে।