মৰিগাঁও

মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অংক বিজ্ঞানৰ প্ৰশিক্ষণ শিবিৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, মায়ং: মৰিগাঁও জিলাৰ অধিবিদ্যা পৰিষদৰ উদ্যোগত বুধবাৰে মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অংক আৰু বিজ্ঞান বিষয়ৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। জিলা খনৰ ১১৯ খন মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২২০ জন অংক আৰু বিজ্ঞান শিক্ষকৰ উপস্থিতিত অনুষ্ঠিত হোৱা আজিৰ প্ৰশিক্ষণ শিবিৰটো উদ্বোধন কৰে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই।

তেখেতে প্ৰশিক্ষণ শিবিৰটো উদ্বোধন কৰি উপস্থিত থকা অংক আৰু বিজ্ঞানৰ শিক্ষক সকলক উদ্দেশ্যি কয় যে, "বিজ্ঞানৰ প্ৰতি বেছিভাগ ছাত্ৰ-ছাত্ৰীৰ যি ভয় আৰু নেতিবাচক মানসিকতা সেয়া সলনি কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞানৰ ধাউতি বৃদ্ধি কৰিব লাগিব। ভাৰতৰো বিভিন্ন ৰাজ্য আজি বিজ্ঞানৰ ক্ষেত্ৰত আগবাঢ়িছে।তাৰ বিপৰীতে অসমখন বহু পিছপৰি থাকিল। গতিকে আমাৰ ছাত্ৰ-ছাত্ৰী সকলক অংক-বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবই লাগিব । তেতিয়াহে আমি ফেৰ মাৰিব পাৰিম।"

উল্লেখ্য যে, আজিৰ প্ৰশিক্ষণ শিবিৰ উদ্বোধন কৰে অপূৰ্ব ঠাকুৰীয়াই। প্ৰশিক্ষণ শিবিৰটোৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি অনুষ্ঠানৰ আঁত ধৰে মৰিগাঁও জিলা অধিবিদ্যা পৰিষদৰ সম্পাদিকা ৰেখা মণি বুঢ়াগোহাঁয়ে। ৰাজ্যিক অধিবিদ্যা পৰিষদ আৰু চেবাৰ যুটীয়া সহযোগত বিশেষ ভাবে প্ৰশিক্ষণ প্ৰাপ্ত ৫ জন সমল ব্যক্তিয়ে প্ৰশিক্ষণ দিয়ে।

সমল ব্যক্তি হিচাপে ভাগ লয় দেবজিত ডেকা,ধনজিত্ চৌহান,কংকন ডেকা, ধ্ৰুব জ্যোতি ভূঞা আৰু বিশিষ্ট লেখক শিক্ষাবিদ পৰেশ বৈশ্যই। প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মুকেশ শইকীয়া,অধ্যক্ষ হেমেন কলিতা।