মৰিগাঁও

মায়ঙৰ বিভিন্ন ধাবা, ৰেষ্টুৰেন্টত নিশা প্ৰশাসনৰ অভিযান

Asomiya Pratidin

ডিজিটেল সংবাদ, মায়ং: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পথৰ কাষৰ একাংশ ধাবাত অবৈধভাৱে অব্যাহত থকা সুৰা বিক্ৰী বন্ধ কৰাৰ বাবে অভিযান চলাবলৈ দিয়া নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে নিশা মৰিগাঁও জিলা প্ৰশাসনে জিলাখনৰ বিভিন্ন ঠাইত ব্যাপক অভিযান চলায়। এই অভিযানত মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত ঝাৰগাঁও, হাতীমুৰীয়া আৰু মায়ং অঞ্চলত অনুজ্ঞাপত্ৰবিহীনভাৱে গ্ৰাহকক সুৰা যোগান ধৰি থকা দুখন ধাবা আৰু এখন দোকান জিলা প্ৰশাসনে ছিল কৰে।

মায়ঙৰ হাতীমুৰীয়া অঞ্চলত ছিল কৰা এখন ধাবাৰ নাম নেচাৰ্চ হাব আৰু আনখন ঝাৰগাঁও অঞ্চলৰ বিশাল ৰেষ্টুৰেন্ট বুলি জানিব পৰা গৈছে। আনহাতে তলা লগোৱা আন দোকানখন চনকা অঞ্চলৰ। অতিৰিক্ত জিলা আয়ুক্ত প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে গোপন সূত্ৰৰ পম খেদি ধাবা দুখনৰ লগতে অবৈধভাৱে সুৰাৰ যোগান ধৰি থকা দোকানখনত তলা লগাই দিয়া হয় বুলি জানিবলৈ দিয়ে। চিপছ আৰু বিভিন্ন মুখৰোচক সামগ্ৰী আদি বিক্ৰী কৰা দোকান খনত গোপনে সুৰা বিক্ৰী কৰি থকা হৈছিল।লগতে সুৰা সেৱন কৰি থকা যুৱক সকলকো আটক কৰে ।