মৰিগাঁও

বুৰাবুৰীত ১২৮ গৰাকী শিক্ষকক সম্বৰ্ধনা

Asomiya Pratidin

ডিজিটেল সংবাদ, মায়ং: "সমাজৰ পৰা কু সংস্কাৰ,অন্ধবিশ্বাস, বেয়া কাম,এইবোৰ নাইকিয়া কৰিব পাৰে একমাত্ৰ শিক্ষাই।শিক্ষা অৱিহনে আমি উন্নয়নশীল দেশ বোৰৰ সতে ফেৰ মাৰিব নোৱাৰিম। এটা জাতি বা এখন দেশ আগুৱাই নিব লৈ হলে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব- " এই মন্তব্য মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰৰ বিষয়া প্ৰিয়ংকা গগৈৰ।

আজি মায়ঙৰ বুৰাবুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোণালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত শিক্ষক দিৱসৰ মুকলি সভাত মুখ্য অতিথিৰ ভাষনত এই দৰে বক্তব্য আগবঢ়াই ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে।তেখেতে লগতে কয় যে শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটোত একেলগে শিক্ষক আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মহামিলন দেখি খুবেই ভাল লাগিল।

ভাষন প্ৰসংগত লগতে কয় যে ভাল মেধাৱী ছাত্ৰ ছাত্ৰী বোৰ প্ৰশাসনিক সেৱাত যোৱাত গৈ শিক্ষক বা ৰাজনীতিক হোৱাটোহে দৰকাৰ।কাৰণ এজন ভাল শিক্ষক বা ভাল ৰাজনৈতিক নেতা হোৱাটো বহুত জটিল কাম।সেয়েহে মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী বোৰ সেই দিশত আগবঢ়াই দিব লাগে।উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ছামছুদ্দিন আহমেদ ৰ সভাপতিত্বত অনুষ্ঠিত সভা খনত ভাষন আগবঢ়াই অৱসৰপ্ৰাপ্ত শিক্ষক উমেশ বৰুৱা, প্ৰাক্তন ছাত্ৰ তথা অৱসৰপ্ৰাপ্ত শিক্ষক সুচেন চন্দ্ৰ দাস,আব্দুল মান্নান, উদযাপন সমিতিৰ আন এগৰাকী কাৰ্যকৰী সভাপতি বাবুল চন্দ্ৰ দাসে।

আজিৰ গাম্ভীৰ্যপূৰ্ণ সভা খনত বিদ্যালয়ৰ সাত গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক, বিদ্যালয়ৰ কৰ্মৰত ২৭ গৰাকী , বিদ্যালয় খনৰ প্ৰাক্তন যি সকল ছাত্ৰ ছাত্ৰী শিক্ষকতাৰ বৃত্তিত নিয়োজিত হৈ আছে আৰু ইতিমধ্য অৱসৰ লৈছে তাৰে ৯৪ গৰাকী শিক্ষক ক গামোছা সম্বৰ্ধনা পত্ৰ ৰে সম্বৰ্ধনা জনোৱা হয়।মুঠ ১২৮ গৰাকী শিক্ষা গুৰুক সম্বৰ্ধনা জনোৱা অনুষ্ঠান টোৰ আত ধৰে প্ৰাক্তন ছাত্ৰ সন্মিলন ৰ সম্পাদক তথা সাংবাদিক নজৰুল ইছলামে।জ্যেষ্ঠ শিক্ষক বলোৰাম ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনৰ আদৰণি ভাষণ ৰাখে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা উদযাপন সমিতিৰ সম্পাদক হবিবুৰ ৰহমানে।

সভাৰ আৰম্ভণিতে মহান দাৰ্শনিক পণ্ডিত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ ৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ভোগেশ্বৰ ৰাজবংশীয়ে। তাৰ পিছতেই আৰম্ভণি গীত পৰিৱেশন কৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে।শলাগ ৰ শৰাই আগবঢ়াই সহকাৰী শিক্ষক বিমল লোধে। উল্লেখযোগ্য যে ১৯৭৩ চনতে প্ৰতিষ্ঠা লাভ কৰা বুৰাবুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খনে সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে।যোৱা জানুৱাৰী মাহত শুভাৰম্ভ অনুষ্ঠান সফল ভাবে অনুষ্ঠিত হৈ গৈছে।আগন্তুক ডিচেম্বৰ মাহত সামৰনি অনুষ্ঠান।

তাৰেই এক অংশ হিচাপে আজি উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় শিক্ষক দিৱস। প্ৰথম বাৰৰ বাবে মায়ং অঞ্চলৰ ভিতৰত বুৰাবুৰীত একেলগে ১২৮ গৰাকী শিক্ষকক সম্বৰ্ধনা জনোৱা কাৰ্যসূচীৰ বাবে সকলোৱেই একেমুখে প্ৰশংসা কৰিছে ।