জোঙাল বলহু ক্ষেত্ৰ পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ... 
মৰিগাঁও

জোঙাল বলহু ক্ষেত্ৰ পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ ৰহাঃ আজি ৰহাৰ ঐতিহাসিক জোঙাল বলহু ক্ষেত্ৰত উপস্থিত হয়হি অসম চৰকাৰৰ মীন, আবকাৰী, পৰিবহন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত। অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰীগৰাকীয়ে জোঙাল বলহু ক্ষেত্ৰ পৰিদৰ্শন কৰি নিৰ্মীয়মান আধুনিক পৰ্যটন ক্ষেত্ৰ পৰ্যবেক্ষণ কৰাৰ লগতে ইয়াত কৰিবলগীয়া বাকী কাম-কাজৰ বুজ লয়।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী কেশৱ মহন্তই তীৱা বীৰ জোঙাল বলহুৰ স্মৃতি বিজড়ীত এই গড়টোক অধিক আকৰ্ষণীয় কৰি ৰাখিবলৈ তিৱা সংস্কৃতিও জিলিকাই তোলা হ'ব বুলি মন্তব্য কৰে।

ইপিনে জোঙাল বলহু চৰকাৰী মীন পামখনৰো উন্নয়ন কৰাৰ লগতে অধিক মাছ উৎপাদনত গুৰুত্ব দিয়া হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ইফালে মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতৰ কিছু সময়ৰ পিচতে কৃষিমন্ত্ৰী অতুল বৰাও নিৰ্মীয়মান এই জোঙাল বলহু পৰ্যটনস্থলীত উপস্থিত হয়।