মৰিগাঁও

মৰিগাঁৱত ভুৱা SP: ভুৱা ছীল-মোহৰ ব্যৱহাৰেৰে ধন ঘটি আহিছিল দুই যুৱকে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মৰিগাঁৱৰ আৰক্ষীৰ অভিযানত আটক দুজন ভুৱা এছ পি। মৰিগাঁৱৰ লোচনাবাৰীত আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে ভুৱা এছ পি দুজনক। লগতে কেইবাটাও ছীল-মোহৰো জব্দ কৰে আৰক্ষীয়ে। আটকাধীন দুই অভিযুক্ত হ'ল দূৰাবান্ধি গাঁৱৰ উমৰ ফাৰুক আৰু ৰচিদুল ইছলাম। মৰিগাঁও জিলা চোৰাংচোৱাৰ অভিযানত উক্ত যুৱকদ্বয়ক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, এখন ব্যৱসায়িক প্রতিষ্ঠানত অভিযান চলাই ভুৱা এছ পি কেইজনক আটক কৰিছে। "ৰচিদুল ইলেকট্রনিক ষ্ট’ৰ" নামৰ দোকানখনত চলোৱা হৈছিল এই অভিযান। অভিযানত এটা লেপটপ, স্কেনাৰ, প্রিণ্টাৰ, এটা ছ’ৱাইপ মেছিন জব্দ কৰে আৰক্ষীয়ে।

তদুপৰি ষ্ট’ৰখনৰ পৰা জিলা আয়ুক্ত তথা এছ পি কাৰ্যালয়ৰ ভুৱা ছীল-মোহৰ জব্দ কৰে। ভুৱা ছীল-মোহৰ ব্যৱহাৰ কৰি জালি প্রমাণ পত্র প্রস্তুত কৰিছিল ধৃত ব্যক্তি দুজনে। ধনৰ বিনিময়ত আৰক্ষীৰ জালি প্ৰমাণ পত্ৰও বিক্ৰী কৰি অহাৰ অভিযোগ দুয়োজনৰ বিৰুদ্ধে।