মৰিগাঁও

বহিঃৰাজ্যত অসমৰ শ্ৰমিকৰ ৰহস্যজনক মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ,মায়ং : পুনৰ বহিঃৰাজ্যত ৰহস্যজনকভাৱে অকাল মৃত্যুক আঁকোৱালি ল'লে অসমৰ এজন শ্ৰমিকে। শ্ৰমিকজনৰ নাম জুবেদ আলী। কামৰূপ জিলাৰ দিছপুৰ সমষ্টিৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত কাঁহিকুছিৰ জুবেদ আলী নামৰ ৪০ বছৰীয়া লোকজনে যোৱা সোমবাৰে পেটৰ তাড়নাত কামৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈছিল চেন্নাইলৈ।

পিছে চেন্নাই গৈ নৌপাওঁতে কলকাতাৰ হাওৰা ষ্টেচনৰ পৰা কিছুদূৰত থকা পালাচা নামৰ এটা এলেকাত জুবেদ আলীৰ ৰহস্যজনকভাৱে মৃত্যু হয়। ৰে'ল লাইনৰ কাষৰ পৰা দুৰ্ভগীয়া জুবেদৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে।

কেনেকৈ মৃত্যু হ'ল সেই তথ্য বৰ্তমানলৈ জানিব পৰা হোৱা নাই। কোনোবাই হত্যা কৰি ৰে'ল লাইনৰ কাষত পেলাই দিলে নে ৰে'লৰ পৰা পৰি মৃত্যু হ'ল সেয়া ৰহস্যজনক হৈ আছে। পশ্চিমবংগ আৰক্ষীয়ে জুবেদ আলীৰ মৃতদেহ উদ্ধাৰ কৰি পৰিয়ালৰ সতে যোগাযোগ কৰিছে।

ইতিমধ্য মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে যদিও অৰ্থৰ অভাৱত মৃতদেহ আনিবলৈ সক্ষম হোৱা নাই জুবেদৰ পৰিয়ালৰ লোক। দেওবাৰে ঘৰৰ পৰা কলকাতালৈ বুলি ৰাওনা হৈছে পৰিয়ালৰ দুজন লোক। অৱশ্যে আৰ্থিক দুৰৱস্থাৰ বাবে অত্যন্ত চিন্তাত পৰিছে পৰিয়ালটো। দুই কনমানি কন্যা, একমাত্ৰ পুত্ৰ আৰু পৰিবাৰৰ লগতে দুখীয়া পিতৃ মাতৃয়ে জুবেদৰ মৃতদেহ চাবলৈ কাঁহিকুছিৰ ঘৰখনত ব্যাকুল হৈ কান্দি আছে।

উল্লেখ্য যে যোৱা কিছুদিন ধৰি জুবেদ আলীয়ে ঋণৰ বোজা সহ্য কৰিব নোৱাৰি দিশহাৰা হৈ পত্নী ,পুত্ৰ ,কন্যাৰ লগতে দৰিদ্ৰ পিতৃ মাতৃক ঘৰতে থৈ কাম বিছাৰি চেন্নাই লৈ বুলি ৰাওনা হৈছিল। পৰিয়াল চলাবলৈ গোটৰ পৰা ঋণৰ টকা লৈ কিস্তি হিচাপে ফাইনেন্সৰ পৰা এখন টমটম ক্ৰয় কৰিছিল। টমটম চলাই কোনোমতে পৰিয়ালটো চলাই আছিল যদিও কিস্তিৰ ধন সময় মতে পৰিশোধ কৰিব পৰা নাছিল।

যাৰ ফলত টমটমখন বিক্ৰী কৰিবলৈ বাধ্য হয় জুবেদ। উপায়ন্তৰ হৈ মাহিলি ১৮ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব বুলি কোনোবা আত্মীয়ৰ পৰামৰ্শ মতে যোৱা সোমবাৰে গুৱাহাটীৰ পৰা চেন্নাই অভিমুখী ৰে'লযোগে যাত্ৰা আৰম্ভ কৰে জুবেদে। যাত্ৰা পথত ঘৰলৈ ফোনতে সঘনাই যোগাযোগ কৰি গৈ আছিল যদিও বুধবাৰৰ পুৱা ৭-৩০ বজাৰ পৰা পৰিয়ালৰ সতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে জুবেদৰ।

ম'বাইলৰ চুইটচ অফ হৈ যোৱাৰ পাছত পৰিয়ালৰ মাজত লাহে লাহে শংকা বৃদ্ধি পাবলৈ ধৰে। অৱশেষত শনিবাৰে দুপৰীয়াৰ ভাগত পৰিয়ালৰ সেই অনাকাঙ্খিত দুঃসংবাদটো আহি পালে। পশ্চিমবংগ আৰক্ষীয়ে জুবেদৰ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ আলম লৈ পৰিয়ালৰ সতে যোগাযোগ কৰি মৃত অৱস্থাত উদ্ধাৰ হোৱাৰ খবৰটো জনায়।

তাৰ পিছতেই দুৰ্ভগীয়া জুবেদৰ কাঁহিকুছিৰ ঘৰত হুৱাদুৱা লাগে। ওচৰ চুবুৰীয়াই আহি জুবেদৰ পত্নী পৰিয়ালৰ লোকক সান্তনা দিব লৈ চেষ্টা কৰিছে যদিও মৃতদেহটো আনিব নোৱাৰা বিষয়টোক লৈ বাৰুকৈয়ে চিন্তাত পৰিছে।

ঋণৰ টকা পৰিশোধ কৰিব পাৰিব বুলি যি আশাৰে ঘৰৰ পৰা ওলাই গৈছিল জুবেদ, সেই আশাত চেঁচাপানী পৰিল। জুবেদ আৰু সোঁশৰীৰে উভতি নাহে ঘৰলৈ । এতিয়া জুবেদৰ পৰিয়ালত এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। কি হ'ব, কেনেকৈ আনিব জুবেদ আলীৰ মৃতদেহ ? ক'ত জানাজা হব ? শেষত জুবেদ আলীৰ পৰিয়ালৰ ফালৰ পৰা আৰু গাঁৱবাসীয়ে দিছপুৰ সমষ্টিৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰীৰ সহায় বিছাৰিছে। যি কোনো প্ৰকাৰে জুবেদৰ মৃতদেহটো পৰিয়ালৰ লোকে চাবলৈ বিচাৰে। এয়াই দুৰ্ভগীয়া পৰিয়ালটোৰ কাতৰ আহ্বান।