মৰিগাঁও

পঞ্চায়তৰ খচৰাক লৈ মায়ঙৰ পাভকাতিৰ ৰাইজৰ উত্তাল প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, মায়ং : পঞ্চায়তৰ খচৰাক কেন্দ্ৰ কৰি মায়ঙৰ পাভকাতিৰ ৰাজপথত ৰাইজে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে। পাভকাতিৰ পৰা ৪খন গাঁও কৰ্তন কৰি কুৰানীবৰীলৈ স্থানান্তৰ কৰাৰ পৰিপ্ৰেক্ষিত শনিবাৰে ক্ষোভিত ৰাইজে উত্তাল প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত মায়ঙৰ পাভকাতি গাঁও পঞ্চায়ত এলেকাৰ পাতেকীবৰী (ক) পাতেকীবৰী (খ), সিধাগুৰি ( ক), সিধাগুৰি (খ) এই ৪টা ভোটকেন্দ্ৰৰ পৰা ৪,৮০০ ভোটাৰ ৰাইজক সদ্য প্ৰকাশিত খচৰা মতে কৰ্তন কৰা হৈছে। অৱশ্যে শুনানি গ্ৰহণ কৰা হৈছে যদিও কোনো ইতিবাচক সঁহাৰি পোৱা নাই ৰাইজে।

সেয়ে আজি এইদৰে পঞ্চায়তৰ খচৰা প্ৰকাশ কৰাক লৈ মায়ঙৰ পাভকাতিৰ উল্লেখিত ৪খন গাঁৱৰ ৰাইজে  প্ৰতিবাদত নামিবলৈ বাধ্য হয়। প্ৰতিবাদকাৰী ৰাইজে কয় যে পাভকাতিৰ পৰা কুৰানীবৰীলৈ ৭ কিলোমিটাৰ দুৰত্ব। বাৰিষাকালত ৬মাহ নাৱেৰে আৰু খৰালি খোজ কাঢ়িব লাগিব। যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ’ব ৰাইজ। গতিকে মন্ত্ৰী পীযুষ হাজৰীকাক বিষয়টো পুনৰ বিবেচনা কৰিব লৈ ৰাইজে আহ্বান জনায়।