মৰিগাঁও

মৰিগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখত ৰাইজৰ উত্তাল প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ,মৰিগাঁও : নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অৱ্যাহত আছে অভিযান। ড্ৰাগছ তথা আন নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সময়ে সময়ে কৈ আহিছে শূন্য সহনশীল স্থিতিৰ কথা। সমান্তৰালকৈ মৰিগাঁও আৰক্ষীয়েও ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে।

কিন্তু এনে সময়তে মৰিগাঁৱৰ এগৰাকী ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰৰ দাবীত দলে-বলে ৰাইজ ওলাই আহি সদৰ আৰক্ষী থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। মৰিগাওঁ চহৰৰ সমীপৰ দলবাৰী আৰু বৰিগাঁৱৰ দুই শতাধিক ক্ষুব্ধ ৰাইজে দেওবাৰে মৰিগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখত ড্ৰাগছ মাফিয়া টুটুক গ্ৰেপ্তাৰ কৰক ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে সামাজিক বৰবিহ সদৃশ ড্ৰাগছৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখি নিতৌ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু ৰহস্যজনক কাৰণত মৰিগাঁও চহৰৰ সমীপৰ বৰিগাঁৱৰ নিজ বাসভৱনৰ পৰাই ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই অহা অভিযোগ উঠা ড্ৰাগছ মাফিয়া টুটু ওৰফে নেছিম আহমেদক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

নিজকে মৰিগাঁও আৰক্ষীৰ অধীক্ষক তথা অ’ চিকে ধৰি উৰ্ধতম মহলৰ ঘনিষ্ঠ মানুহ বুলি দম্ভালি মাৰি অহা ধৃত টুটুৱে আৰক্ষী তথা স্থানীয় ৰাইজৰ চকুৰ সন্মুখতেই ড্ৰাগছৰ বেহা চলাই অহাৰ কথা জানিব পৰা গৈছে। ইয়াৰোপৰি বহু যুৱকক ড্ৰাগছ যোগান ধৰি অহা বুলিও অভিযোগ উঠিছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে শনিবাৰে মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই ২০ টা ড্ৰাগছ কন্টেইনাৰসহ  মৰিমুছলমান গাঁৱৰ ৰহমত নামৰ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। ধৃত ড্ৰাগছ সৰবৰাহকাৰী ৰহমতে আৰক্ষীৰ ওচৰত ড্ৰাগছ মাফিয়া টুটুৰ পৰা উক্ত ড্ৰাগছখিনি সৰবৰাহ কৰা বুলি বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছিল।

ইয়াৰ পিছতো মৰিগাঁও আৰক্ষীৰ অভিযানকাৰী দলে কুখ্যাত ড্ৰাগছ মাফিয়া টুটুক গ্ৰেপ্তাৰ কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰে। ইয়াৰ পৰিৱৰ্তে উক্ত ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা ড্ৰাগছ ক্ৰয় কৰিবলৈ যোৱা তিনি যুৱকক ৰাইজে আটক কৰি আৰক্ষীক চমজাই দিয়াৰ লগতে ড্ৰাগছ মাফিয়া টুটুক গ্ৰেপ্তাৰ কৰাৰ দাবীত মৰিগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী ৰাইজৰ প্ৰশ্ন- আৰক্ষীয়ে দৈনিক ড্ৰাগছ সেৱনকাৰীক কৰায়ত্ব কৰিব পাৰে, ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিব পাৰে; কিন্তু দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া টুটু ওৰফে নেছিম আহমেদক কিয় কৰায়ত্ত কৰিবলৈ সক্ষম নহয় ? এই প্ৰশ্নৰ উত্তৰ মৰিগাঁও আৰক্ষীৰ উৰ্ধতম মহলে ৰাইজক প্ৰদান কৰা উচিত বুলি সচেতন মহলে প্ৰকাশ কৰিছে।