ইতিহাস প্ৰসিদ্ধ ফুলগুৰি ধেৱা দিৱসঃ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন... 
মৰিগাঁও

ইতিহাস প্ৰসিদ্ধ ফুলগুৰি ধেৱা দিৱসঃ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন...

Asomiya Pratidin

ডিজিটেল সংবাদ ৰহাঃ আজি অসমৰ প্ৰথম কৃষক বিদ্ৰোহ তথা ইতিহাস প্ৰসিদ্ধ ফুলগুৰি ধেৱা। ১৮৬১ চনৰ ১৮ অক্টোবৰ তথা আজিৰ দিনটোতে ব্ৰিটিছৰ অন্যায় কৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ ব্ৰিটিছৰ গুলীত প্ৰাণাহুতি দিছিল নগাঁৱৰ ৰহা অঞ্চলৰ দুকুৰিতকৈয়ো অধিক চহা খেতিয়কে।

কাললৈ ঘূণীয়া হৈছিল শতাধিক সহজ সৰল কৃষক। ইংৰাজৰ অন্যায় কৰ নীতিৰ বিৰুদ্ধে ৰাইজমেলৰ জৰিয়তে স্বাধীন-চিতিয়া হুজা কৃষকৰ এই স্বতঃস্ফূৰ্ত বিদ্ৰোহ ফুলগুৰি ধেৱা হিচাপে চিহ্নীত হৈ ৰ'ল।

সেই কৃষক ছহিদসকলক সোঁৱৰণৰ বাবে প্ৰতি বছৰে ১৮ অক্টোবৰত ৰহাৰ ফুলগুৰিত অনুষ্ঠিত কৰা হয় ফুলগুৰি ধেৱা দিৱস। এইবাৰো 'ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতি'ৰ উদ্যোগত অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয় ফুলগুৰি ধেৱা দিৱস।

তদুপলক্ষে পুৱা পতাকা উত্তোলন, ধেৱা স্মৃতি বেদীত বন্তি প্ৰজ্বলনৰ লগতে স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ভাৰতৰ স্বাধীনতা আন্দোলনতো প্ৰভাৱ পেলোৱা এই ফুলগুৰি ধেৱা দিৱসটিয়ে আজিও চৰকাৰী পৃষ্ঠপোষকতা লাভ নকৰটো দুভাগ্যজনক বুলি বিবেচিত হৈছে।