মৰিগাঁও

পবিতৰাত গঁড়ৰ আক্ৰমণত থিতাতে নিহত এজনঃ বনকৰ্মীৰ বিৰুদ্ধে ক্ষুব্ধ ৰাইজ

Asomiya Pratidin

ডিজিটেল সংবাদ,মায়ংঃ পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা গঁড়ৰ আক্ৰমণত দেওবাৰে পুৱা ১০.৫০ বজাত থিতাতে মৃত্যু হয় এজন বাইক আৰোহীৰ। মৃত লোকজনৰ নাম ছাদ্দাম হুছেইন। পবিতৰাৰ হাডুক বিলৰ সমিপত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।সোনাপুৰৰ কচুতলিৰ উচ্ছেদস্থলীৰ পৰা মায়ঙৰ ব্ৰহ্মপুত্ৰৰ গছবাৰী চৰ লৈ গৈ থকাৰ সময়তে গঁড়টোৱে আক্ৰমণ কৰে।

৩১ বছৰীয়া ছাদ্দাম হুছেইনে হাডুকৰ পকী দলং খন পাৰ হোৱাৰ পিছতেই পথৰ কাষতে থকা জংঘলৰ পৰা অকস্মাত ওলাই আহি প্ৰথমে বাইক খনত খুন্দা মাৰে।বাইকৰ পৰা বাগৰি পৰা ছাদ্দামে কোনোমতে উঠি আতৰি যাবলৈ চেষ্টা কৰে যদিও গঁড়টোৱে পুনৰ চোচা লৈ আক্ৰমণ কৰে।

প্ৰত্যক্ষ দৰ্শীৰ ভাষ্য মতে চাদ্দামক বচাবলৈ চিঞৰ বাখৰ কৰা হৈছিল যদিও ইতিমধ্যে হিংস্ৰ হৈ পৰা প্ৰাপ্ত বয়স্ক গড়টোৱে ডিঙি আৰু মূৰত গুৰুতৰ ভাবে জখম কৰি হেচা মাৰি ধৰে।লগে লগে চাদ্দামৰ ঘটনাস্থলীতে মৃত্যু হয়। ইয়াৰ পিছতেই পৰিস্থিতি ক্ৰমাত উত্তপ্ত হৈ পৰে।কাৰণ পবিতৰাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ পৰা দুশ মিটাৰ দূৰৈত সংঘটিত হোৱা এই ঘটনাৰ খৱৰ লবলৈ সময় নহ'ল বন বিষয়া নয়নজ্যোতি দাস আৰু বন ৰক্ষী সকলৰ।মৃতদেহ পথৰ কাষতে পৰি থকাৰ দুঘন্টা পিছতো বনাঞ্চলিক বিষয়া গৰাকী উপস্থিত নহ'ল।

ইয়াকেলৈ ক্ষুদ্ধ হৈ পৰে স্থানীয় ৰাইজ। পৰৱৰ্তী সময়ত উত্তেজিত লোক সকল বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ লগতে থকা চৰকাৰী আৱাস লৈ ৰাওনা হয়। বন বিষয়াক নিলম্বন, বদলি আৰু গ্ৰেপ্তাৰৰ দাবী তোলে উত্তেজিত লোক সকলে। লগতে ৰাইজে মৃত লোক জনৰ উপযুক্ত ক্ষতিপুৰন বিচাৰে।

পবিতৰাৰ বন্য প্ৰাণীৰ সুৰক্ষাৰ বাবে আৰু এই অঞ্চলৰ ৰাইজৰ সুৰক্ষাৰ বাবে বন বিষয়া নয়ন জ্যোতি দাস কোনো পধ্যেই উপযুক্ত নহয় বুলি কৰ্তব্যৰত বিষয়া গৰাকীৰ বিৰুদ্ধে যথেষ্ট অভিযোগ উত্থাপন কৰিছে ৰাইজে। ঘটনাস্থলীত উপস্থিত হৈছে জিলাৰ অতিৰিক্ত আয়ুক্ত বিমান দাসৰ লগতে মায়ং ৰাজহ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈ, উপ আৰক্ষী অধীক্ষক আৰু মায়ং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকী।

ৰাইজৰ দাবী সমূহ জিলা আয়ুক্তৰ সৈতে আলোচনা কৰি ব্যৱস্থা হাতত লোৱাৰ আশ্বাস প্ৰদান কৰাৰ পিছতেই ক্ষোভিত জনতা পুনৰ মৃতদেহ টোৰ কাষলৈ ৰাওনা হয়।ঘটনাস্থলীৰ পৰা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

উল্লেখযোগ্য যে পবিতৰাৰ হাডুক আৰু তামুলীডোভা এলেকাটো অত্যন্ত এটা ব্যস্ত অঞ্চল।নিতৌ পুৱা গধুলি যথেষ্ট দৰ্শনাৰ্থীৰ ভিৰ হয় এই অঞ্চলত।কিন্তু সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্ট গাফিলতি বন কৰ্মী সকলৰ। বনাঞ্চলিক বিষয়া গৰাকীৰ কাম কাজক লৈ মুঠেই সন্তুষ্ট নহয় স্থানীয় ৰাইজ। শীঘ্ৰেই বদলি নকৰিলে ৰাইজে আগলৈ ভয়াবহ আন্দোলনৰ কাৰ্যসূচী হাতত লবলৈ বাধ্য হব।