যাদুৰ দেশ মায়ঙত 'মায়ং ইন্দ্ৰজাল' যাদু মহোৎসৱ উদযাপনৰ প্ৰস্তুতি... 
মৰিগাঁও

যাদুৰ দেশ মায়ঙত 'মায়ং ইন্দ্ৰজাল' যাদু মহোৎসৱ উদযাপনৰ প্ৰস্তুতি...

Asomiya Pratidin

ডিজিটেল সংবাদ মায়ংঃ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ নাতিদূৰত অৱস্থিত যাদুৰ দেশ মায়ং। তন্ত্ৰ মন্ত্ৰৰ বাবে অতীজৰ পৰাই বিখ্যাত সমগ্ৰ মায়ং অঞ্চল। মৰিগাঁও জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত ঐতিহ্য মণ্ডিত মায়ং-পবিতৰা অঞ্চলৰ পৰ্যটন কেন্দ্ৰীক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অহা ২৩ জুন, ২০২৪ তাৰিখে দিন জোৰা বণাৰ্ঢ্য কাৰ্যসূচীৰে মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।

মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিব পৰা মতে মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ হ'ব মৰিগাঁও জিলাৰ এক বিশেষ পৰ্যটন কেন্দ্ৰীক উৎসৱ। প্ৰস্তুতি বৰ্ষ হিচাপে এইবাৰ এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ মনস্থ কৰা এই উৎসৱটো অনাগত বৰ্ষবোৰত ভাৰতবৰ্ষৰ সকলো যাদুকৰক একত্ৰিত কৰি সপ্তাহ জোৰা বিস্তৃত কাৰ্যসূচীৰে উদযাপনৰ বাবে পৰিকল্পনা কৰা হৈছে।

এই উৎসৱৰ জৰিয়তে মৰিগাঁও জিলাৰ যাদু বিখ্যাত মায়ং আৰু এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যৰ লগতে জিলাখনৰ আন আন পৰ্যটন ক্ষেত্ৰসমূহক বিশ্ব পৰ্যটনৰ মানচিত্ৰত এক মৰ্যদা সম্পন্ন স্থানত অধিস্থিত কৰাই জিলাখনলৈ দেশী-বিদেশী পৰ্যটকৰ সোঁত অধিক হাৰত বোৱাই আনিব পৰা যাব বুলি আশা প্ৰকাশ কৰা হৈছে। প্ৰস্তুতি বৰ্ষৰ অন্যতম কাৰ্যসূচী হিচাপে মায়ঙৰ ১০১ গৰাকী পৰম্পৰাগত তন্ত্ৰ সাধকক সন্মুখত লৈ অঞ্চলটোৰ যাদুকৰী সভ্যতা-সংস্কৃতি আৰু ঐতিহাসিক সমলসমূহৰ প্ৰদৰ্শনৰে এক অনন্য আৰু বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰা হ'ব।

যাদু বিদ্যাৰ পৰম্পৰাগত সাধকসকলৰ যাদু প্ৰদৰ্শনৰ লগতে যাদু সম্ৰাট বিক্ৰমৰ যাদুৰ মায়াজাল প্ৰদৰ্শন হ'ব উৎসৱৰ অন্য এক আকৰ্ষণীয় কাৰ্যসূচী। উৎসৱৰ কাৰ্যসূচীৰ সৈতে সঙ্গতি ৰাখি "ইন্দ্ৰজাল" শীৰ্ষক এখনি স্মৃতিগ্ৰন্থ প্ৰকাশৰ বাবেও যো-যা চলোৱা হৈছে।

উৎসৱক সাফল্য মণ্ডিত কৰি তুলিবলৈ সকলো ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা জিলা প্ৰশাসনে একান্ত ভাবে কামনা কৰিছে। যাদুবিদ্যাক কেন্দ্ৰ কৰি উদযাপিত উৎসৱ হিচাপে মায়ঙত উদযাপিত হ'বলৈ গৈ থকা ইন্দ্ৰজাল শীৰ্ষক এই উৎসৱেই হ'ব সম্ভৱতঃ সমগ্ৰ ভাৰতবৰ্ষ তথা পৃথিবীৰ ভিতৰতে প্ৰথম যাদু কেন্দ্ৰীক পৰ্যটন উৎসৱ। সেয়েহে উৎসৱক লৈ আয়োজকসকলৰ লগতে জিলাখনৰ সৰ্বসাধাৰণ ৰাইজৰ মাজতো যথেষ্ট উৎসাহ-উদ্দীপনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে।