গৰু চুৰি কাণ্ডক লৈ আজিও উত্তপ্ত মায়ং... 
মৰিগাঁও

গৰু চুৰি কাণ্ডক লৈ আজিও উত্তপ্ত মায়ং...

আৰক্ষী থানাৰ সন্মুখত তেতেলিগুৰিৰ ৰাইজৰ প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, মায়ংঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বত থকা গৃহ বিভাগৰ কামকাজক লৈ ৰাইজৰ মনত বহু প্ৰশ্নই উত্থাপিত হৈছে। মৰিগাঁও জিলাৰ মায়ঙত আজি গৰু চোৰক গ্ৰেপ্তাৰ কৰাৰ দাবীত থানালৈ ৰাইজ ওলাই অহা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে।

মায়ঙৰ তেতেলিগুৰিৰ গৰু চুৰিৰ কাণ্ডক লৈ আজিও উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।তেতেলিগুৰি গাঁৱৰ পাচ শতাধিক ৰাইজে দুপৰীয়াৰ ভাগত মায়ং থানাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

পৰিস্থিতি এনে পৰ্যায় পাইগৈ যে তেতেলিগুৰিৰ ক্ষোভিত ৰাইজৰ সৈতে থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ বৰ্মনে তৰ্ক বিতৰ্কত লিপ্ত হ'বলগীয়া পৰিৱেশৰ সূচনা হয়।কেৱল সিমানেই নহয়,প্ৰতিবাদী জনতাই থানা চৌহদ ত্যাগ নকৰিলে কথা জটিল হ'ব বুলিও হুংকাৰ দিয়ে।

অৱশ্যে প্ৰতিবাদী জনতাই সাংবাদিকৰ কেমেৰাৰ সন্মুখত বাইট দিয়াৰ পিছতেই ধৰ্না কাৰ্যসূচী বন্ধ কৰিব লগা হয়। উল্লেখযোগ্য যে তেতেলিগুৰিৰ ৰাইজে থানাৰ সন্মুখত আহি গৰু চোৰৰ চৰ্দাৰ জনক গ্ৰেপ্তাৰ নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰি আজিৰ ধৰ্ণা কাৰ্যসূচী ল'বলৈ বাধ্য হৈছিল।

ৰাইজে মায়ং অঞ্চলত সংঘটিত গৰু চুৰি বন্ধ কৰক, গৰু চোৰক গ্ৰেপ্তাৰ কৰক, চোৰৰ চৰ্দাৰ জনক গ্ৰেপ্তাৰ কৰক, এই জুই জ্বলিছে জ্বলিবই আদি বিভিন্ন শ্লোগান দি থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে এক ঘন্টা পাৰ হোৱাৰ পিছতো কোনো এজন আৰক্ষীৰ লোক প্ৰতিবাদী ৰাইজৰ কাষত উপস্থিত নোহোৱা দেখি অধিক উত্তেজিত হৈ পৰে।

তাৰ পিছতেই পৰিস্থিতি জটিল হৈ পৰাত ভাৰপ্ৰাপ্ত বিষয়াগৰাকী কোৱাৰ্টাৰৰ পৰা ওলাই আহি শান্তিপূৰ্ণ প্ৰতিবাদত অংশগ্ৰহণ কৰা ৰাইজৰ ওপৰত ক্ষুন্ন হৈ পৰা বুলি জানিবলৈ দিয়ে প্ৰতিবাদী জনতাই। আৰক্ষী থানাৰ সন্মুখত ৰাইজে গৰু চুৰি চক্ৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা কাৰ্য ভাল হোৱা নাই বুলি কৈ কেচ ল'বলৈ বাধ্য হ'ব বুলিও ৰাইজক উদ্দেশ্যি ধমকি প্ৰদান কৰে আৰক্ষী বিষয়াগৰাকীয়ে।

তেওঁ লগতে এই কথাও কয় যে ৰাইজৰ কিবা কথা আছে যদি পাঁচ, দহ জন লোক থানাৰ ভিতৰত আহি কথা পাতক,তাত কোনো আপত্তি নাই। কাৰণ আৰক্ষীয়ে কাম কৰি আছে। সেই বুলি এইদৰে থানাৰ ভিতৰত আহি প্ৰতিবাদ কৰিবলৈ দিয়া নহ'ব।

বিষয়াগৰাকীৰ মতে ৰাইজে ভাল কাম কৰা নাই থানাৰ সন্মুখত এনেদৰে প্ৰতিবাদ কৰি।লগতে সাংবাদিক যি কেইগৰাকীয়ে ৰাইজৰ বাইট সংগ্ৰহ কৰি আছিল তেওঁ লোককো বাইট লোৱাত বাধা প্ৰদান কৰি হাতেৰে ঠেলি পঠিয়াই দিয়ে।

অৱশ্যে ৰাইজে তাতকৈ অধিক হৈ চৈ নকৰি সেই ঠাই ত্যাগ কৰা দেখা পোৱা যায়।তাৎপৰ্যপূৰ্ণ কথাটো হ'ল মায়ং থানা এলেকাত যোৱা দুটা বছৰ ধৰি গৰু চোৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছে। নিশাৰ ভাগত টোপনি নাযায় বহু কৃষক।

পূৰ্বতেও যিহেতু গৰু চুৰি চক্ৰৰ দুই এজন লোকক আটক কৰিয়ে দায়িত্ব সামৰি বহি থাকে আৰক্ষী, তেনে পৰিপ্ৰেক্ষিতত ৰাইজ ক্ষুব্ধ হোৱাটো তেনেই স্বাভাৱিক কথা। ডাঙৰ কথাটো হ'ল গৰু চুৰি চক্ৰৰ দুই এজন লোক জে'ললৈ প্ৰেৰণ কৰে যদিও জে'লৰ পৰা ওলাই আহি পুনৰ গৰু চুৰি চক্ৰত নামি পৰে।

গতিকে এই চুৰি চক্ৰটোক পুলিয়ে পোখালিয়ে উভালিবৰ বাবেই ৰাইজে আজি এইদৰে তীব্ৰ প্ৰতিবাদ কৰে। উল্লেখ্য যে শনিবাৰে নিশা মায়ং থানাৰ অন্তৰ্গত তেঁতেলিগুৰিত গৰু চুৰি কৰিবলৈ অহা এটা চক্ৰক ৰাইজে উমান পাই খেদি যোৱাত বাহনখন এৰি পলায়ন কৰিছিল।

পিছত ৰাইজে জ্বলাই দিছিল উক্ত গাড়ীখন। পৰৱৰ্তী সময়ত দেওবাৰে আৰক্ষীয়ে গৰু চুৰিৰ লগত জড়িত জাহিৰুল আৰু ইজাজুল নামৰ দুটা চোৰক গ্ৰেপ্তাৰ কৰে যদিও চোৰৰ চৰ্দাৰ,দুধৰ্ষ অপৰাধী এতিয়াও মুকলি আকাশৰ তলত পিটপিটাই ঘূৰি ফুৰা বুলি জানিব পৰা গৈছে।

মৈৰাবাৰীৰ পৰা লাহৰীঘাট হৈ মাথাউৰিৰ ওপৰেৰে আহি মায়ঙৰ বহু গাঁৱৰ পৰা গৰু চোৰ কৰি নিয়ে এই চক্ৰটোৱে। আৰক্ষীৰ ভূমিকাক ৰাইজে সন্দেহৰ চকুৰে চাইছে।