মৰিগাঁৱত আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ তিৱা সাংস্কৃতিক মহোৎসৱ... 
মৰিগাঁও

মৰিগাঁৱত আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ তিৱা সাংস্কৃতিক মহোৎসৱ...

Asomiya Pratidin

ডিজিটেল সংবাদ বেবেজীয়া: মধ্য অসমৰ ঐতিহ্যমণ্ডিত তিৱা জনগোষ্ঠীৰ সাতামপুৰুষীয়া কৃষ্টি সংস্কৃতি ঐতিহ্য আৰু পৰম্পৰাক বিশ্বমুখী কৰি তোলাৰ উদ্দ্যেশ্যে আজিৰে পৰা তিনিদিনীয়া বিশাল আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও চহৰত আৰম্ভ হৈছে 'তিৱা কান্ঠিচ্যুৰি খাম' অৰ্থাৎ তিৱা সাংস্কৃতিক মহোৎসৱ। তিৱা স্বায়ত্ত্ব পৰিষদৰ উদ্যোগত আৰু সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, তিৱা ৰাজ দৰবাৰ, সদৌ তিৱা মহিলা সন্থা, তিৱা সাংস্কৃতিক সমাজৰ লগতে তিৱা সুৰক্ষা পৰিষদৰ যৌথ সহযোগত মৰিগাঁও স্কুল খেলপথাৰৰ তিৱা ফা ইন্দ্ৰচিং দেউৰী ক্ষেত্ৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা তিৱা সাংস্কৃতিক মহোৎসৱৰ আজি পুৱাৰ ভাগত তিৱা ফা ইন্দ্ৰচিং দেউৰী ক্ষেত্ৰৰ মূল দ্বাৰ উন্মোচন কৰে মৰিগাঁৱৰ প্ৰবীণ শিল্পী বিশিষ্ট সমাজ সেৱক অশোক ডেকাই।

ইয়াৰ পিছতে তিৱা সাংস্কৃতিক মহোৎসৱস্থলী তিৱা ফা ইন্দ্ৰচিং দেউৰী ক্ষেত্ৰ উন্মোচন কৰে তিৱা স্বায়ত্ব পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাডুকাকতিয়ে। পুৱাৰ ভাগতে তিৱা সাংস্কৃতিক মহোৎসৱ-২০২৪ ৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আৰু স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক তিৱা সংগ্ৰামী নেতা প্ৰণৱজ্যোতি মছৰঙে।

ইয়াৰ পিছতে প্ৰদৰ্শনী আৰু বাণিজ্য মেলাৰ দ্বাৰ উন্মোচন কৰে অসম চৰকাৰৰ খিলঞ্জীয়াৰ জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সঞ্চালক পংকজ চক্ৰৱৰ্তীয়ে আৰু কুৰু লাম্ফাৰাজা সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে তিৱা ৰাজ দৰবাৰৰ সভাপতি জুৰচিং বৰদলৈয়ে। দুপৰীয়া কুৰু চদঙাৰাজা সোঁৱৰণী সাংস্কৃতিক দলসমূহৰ নৃত্য প্ৰদৰ্শন অনুষ্ঠানৰ উদ্বোধন কৰে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে।

অনুষ্ঠানত অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। নিশা স্বৰ্গীয় বলাইৰাম সেনাপতি সোঁৱৰণী এটি বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান আনুষ্ঠিত হয়। সাংস্কৃতিক মহোৎসৱৰ শনিবাৰে পুৱা এটি বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত কুৰিজনৰো অধিক বিশিষ্ট ব্যক্তিক আনুষ্ঠানিক ভাবে সম্বৰ্ধনা জনোৱা হ'ব।

পুৱাৰ ভাগতেই 'তিৱা খুৰাং' অৰ্থাৎ তিৱাৰ প্ৰতিধ্বনি নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন আৰু  তিৱা ভাষা-সংস্কৃতিৰ সংকট আৰু ভবিষ্যত সম্ভাৱনা শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। বিয়লি তিৱা কবিতা পাঠ অনুষ্ঠান আৰু 'তিৱা ভাষা সংস্কৃতিৰ উত্তৰণত তিৱা যুৱ প্ৰজন্মৰ ভূমিকা' শীৰ্ষক আন এখন আলোচনা চক্ৰ অনুষ্ঠিত হ'ব।

নিশালৈ পৰম্পৰাগত সাজ-পাৰ প্ৰতিযোগিতা আৰু স্বৰ্গীয় বগাধৰ সেনাপতি সোঁৱৰণী এটি সাংস্কৃতিক অনুষ্ঠান আনুষ্ঠিত হ'ব। উল্লেখ্য যে, তিৱা সাংস্কৃতিক মহোৎসৱৰ আজি পুৱাৰে পৰা তিৱা ফা ইন্দ্ৰচিং দেউৰী ক্ষেত্ৰত উজলি উঠিল তিৱা জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ঐতিহ্য আৰু পৰম্পৰা। ইফালে মহোৎসৱস্থলীৰ প্ৰদৰ্শনী, বাণিজ্যমেলা আৰু খাদ্য মেলাত জনগোষ্ঠীয় বস্ত্ৰ,  সামগ্ৰী আৰু খাদ্য সম্ভাৰে দৰ্শক ক্ৰেতাক আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে।