ৰহাৰ খলিহামাৰী প্ৰাথমিক বিদ্যালয়ৰ তিনি ছাত্ৰীক যৌন উৎপীড়নৰ অভিযোগ... 
মৰিগাঁও

ৰহাৰ খলিহামাৰী প্ৰাথমিক বিদ্যালয়ৰ তিনি ছাত্ৰীক যৌন উৎপীড়নৰ অভিযোগ...

অভিযুক্তৰ পলায়ন

Asomiya Pratidin

ডিজিটেল সংবাদ ৰহাঃ ৰহাৰ কপিলী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত খলিহামাৰী প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এক জঘন্য কাণ্ড। পঞ্চাশৰো উৰ্ধ্বৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনিৰ বিৰুদ্ধে তিনিগৰাকী কন কন ছাত্ৰীক বিদ্যালয়তে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

২০ জুনৰ বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ দিনা সংঘটিত এই কু-কৰ্মৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে। অভিযুক্তৰ নাম ধৰ্মেশ্বৰ নাথ। অভিযোগ মতে, খলিহামাৰী প্ৰাথমিক বিদ্যালয়ত নিযুক্ত ৰান্ধনীগৰাকীয়ে শাৰীৰিক অসুবিধা দোহাই দি ২০ জুনৰ দিনা মধ্যাহ্ন ভোজন ৰান্ধিবলৈ আহিছিল স্বামী ধৰ্মেশ্বৰ নাথ নামৰ এই অভিযুক্তজনে।

কিন্তু বিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ কাৰ্যসূচী চলি থকাৰ মাজতে চতুৰ্থ শ্ৰেণীৰ এই ছাত্ৰীকেইগৰাকী প্ৰস্বাৱগাৰলৈ যোৱাৰ সুবিধা লৈ অভিযুক্ত নাতি-নাতিনীৰ মুখ দেখা লম্পট ধৰ্মেশ্বৰ নাথে শাৰীৰিক অপদস্থ কৰে। পিচত ছাত্ৰীকেইগৰাকীয়ে এই কথা অভিভাৱকক জনায়।

অভিভাৱকসকলে এই সম্পৰ্কত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত শিক্ষক ননীগোপাল নাথক অভিযোগ দিয়ে। কিন্ত প্ৰধান শিক্ষকজনে এই সম্পৰ্কত গুৰুত্ব নিদিয়াত স্থানীয় ৰাইজে বিচাৰ কৰি চাপৰমুখ আৰক্ষী চকীত অভিভাৱকসকলে এজাহাৰ দাখিল কৰে।

পিছত চাপৰমুখ আৰক্ষী তদন্তৰ বাবে আহে যদিও ইতিমধ্যে অভিযুক্ত ধৰ্মেশ্বৰ নাথে পলায়ন কৰে। ইপিনে ঘটনাৰ ৮ দিনৰ পিচতো আৰক্ষীয়ে অভিযুক্তক আটক কৰিব নোৱাৰাত অভিভাৱক তথা স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে।

ইয়াৰ পূৰ্ৱেও এইজন অভিযুক্তই আন মহিলাক অপদস্থ কৰি ৰঙাঘৰৰ ভাত খাইছিল। ইপিনে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত শিক্ষক ননীগোপাল নাথৰ ভূমিকাও সন্দেহজনক বুলি ৰাইজে অভিযোগ কৰিছে।

কিয়নো শিক্ষকজনে এই কুকাৰ্যক সাধাৰণ ঘটনা বুলি অভিহিত কৰি দায় সৰা মন্তব্য দিয়ে। ইপিনে নিযুক্তি নোহোৱা ৰান্ধনিক কিয় বিদ্যালয়ত মধ্যাহ্ন ভোজন ৰান্ধিবলৈ দিয়া হৈছিল সেয়াও ৰহস্যজনক। এই সমগ্ৰ ঘটনাৰ এক উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিবলৈ স্থানীয় ৰাইজে আৰক্ষীক দাবী জনাইছে।