অসম

মৰ্ণিং ষ্টাৰ হাইস্কুলৰ শিক্ষকৰ শিক্ষাৰ্থীক শিক্ষাদানৰ অভিনৱ কৌশল

Asomiya Pratidin

ডিজিটেল সংবাদ,গহপুৰ : ৩০ বছৰীয়া শৈক্ষিক যাত্ৰাৰ ইংৰাজী মাধ্যমৰ অন্যতম শৈক্ষিক প্ৰতিষ্ঠান মৰ্ণিং ষ্টাৰ হাইস্কুলে গ্ৰহণ কৰিছে অন্যন্য পদক্ষেপ। বিদ্যাৰ মন্দিৰত প্ৰজ্ঞাৰ বন্তি জ্বলাই ছাত্র-ছাত্ৰীৰ জীৱন জ্ঞানৰ আলোকেৰে আলোকিত কৰি অহা গহপুৰৰ বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলৰ কেতবোৰ ব্যতিক্ৰমী পদক্ষেপে শিক্ষানুৰাগী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে।

ইংৰাজী মাধ্যমৰ অন্যতম শৈক্ষিক প্ৰতিষ্ঠান মৰ্ণিং ষ্টাৰ হাইস্কুলৰ শিক্ষাগুৰুসকলে কণ কণ ছাত্র-ছাত্ৰীক ওমলা ঘৰত সংগীতৰ মাজেৰে শিক্ষা গ্ৰহণৰ প্ৰতি আকৰ্ষিত কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপে সমাদৰ বুটলি আহিছে সকলোৰে।বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক ৰবীন্দ্ৰ কাকতিয়ে সংগীতৰ মাজেৰে কণ কণ ছাত্ৰ ছাত্ৰী সকলক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰা এটা ভিডিঅ'ই শেহতীয়াকৈ সামাজিক মাধ্যমত বিশেষ সমাদৰ লাভ কৰিছে ।