অসম

সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰাক আদৰণি সাংসদ ৰৌণগৌৰা নাৰ্জাৰীৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,চিৰাং : নিৰ্বাচন আয়োগৰ দ্বাৰা সমষ্টিৰ পুনঃনিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ পিচত সাংসদ ৰৌণগৌৰা নাৰ্জাৰীৰ প্ৰতিক্ৰিয়া। বুধবাৰে চিৰাঙ জিলাৰ কাজলগাঁৱত ৰাজ্যসভাৰ সাংসদ নাৰ্জাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় দেশৰ নিৰ্বাচন আয়োগে ৰাজ্যৰ লোকসভা আৰু বিধানসভা সমষ্টিৰ পুনঃনিৰ্ধাৰণৰ যি খচৰা প্ৰকাশ কৰিছে, সেই খচৰাই বিটিআৰ এলেকাবাসী কাৰণে সুখৰ বাৰ্তা কঢ়িয়াই আনিছে ।

কিছুদিন আগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা জনজাতি সংৰক্ষিত ব্যবস্থা প্ৰত্যাহাৰ কৰাৰ এক পৰিবেশ সৃষ্টি হৈছিল । পৰিপ্ৰেক্ষিতত ইউপিপিএল দলকে আদি কৰি অন্যান্য বড়ো জাতীয় দল সংগঠনে ইয়াৰ তীব্ৰ বিৰোধীতা কৰি গুৱাহাটীত দেশৰ নিৰ্বাচন আয়োগৰ আগত এই সন্দৰ্ভত আপত্তি দৰ্শোৱাৰ উপৰি কিছু পৰামৰ্শ আগবঢ়োৱা হৈছিল।

আশা কৰা হৈছিল যে নিৰ্বাচন আয়োগে বিটিআৰ বাসীৰ কথা ৰাখিব । সুখৰ খবৰ যে দেশৰ নিৰ্বাচন আয়োগে তেওঁলোকৰ আশা কৰাৰ ধৰণে মঙ্গলবাৰ দিনা যি সমষ্টি পুনঃনিৰ্ধাৰণ খচৰা প্ৰকাশ কৰিলে উক্ত খচৰাত বিশেষকৈ কোকৰাঝাৰ লোকসভা সমষ্টি জনজাতিসকলৰ বাবে সংৰক্ষিত ব্যৱস্থা বাহাল ৰখাৰ লগতে বিটিআৰ এলেকাত ১২ খন বিধানসভা সমষ্টিৰ ঠাইত ১৫ খনলৈ বৃদ্ধি কৰাৰ বিষয়টো ৰাজ্যসভাৰ সাংসদগৰাকীয়ে আদৰণি জনায় ।

এই খচৰা বাহাল থাকিলে বিটিআৰ এলেকাৰ জনগনে তেঁওলোকৰ এলেকাৰ অভাৱ অভিযোগ আৰু উন্নয়নৰ কাম কৰাৰ অধিকাৰ সুযোগ লাভ কৰিব বুলি দাবী কৰে । তদুপৰি সমষ্টি পুনঃনিৰ্ধাৰণক লৈ বিৰোধী দলৰ নেতাসকলে জনসাধাৰণৰ একো লাভ নহ'ব তাৰ বিপৰীতে কেবল নিদিষ্ট ৰাজনৈতিক দলৰ হে লাভ হ'ব বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাংসদগৰাকীয়ে কয় যে, গণতান্ত্ৰিক দেশত ৰাজনৈতিক দল আৰু জনসাধাৰণৰ মাজত এক এৰাব নোৱাৰা সম্পৰ্ক থাকে ।

ঠিক সেইদৰে ৰাজনৈতিক দল এৰি সাধাৰণ ৰাইজেও চলিব নোৱাৰে । কাৰণ দেশৰ সংসদ বা বিধানসভাৰ মজিয়াত জনসাধাৰণেই ভোটদানৰ মাজেৰে জনপ্ৰতিনিধি নিৰ্বাচিত কৰি পঠিয়ায় ।

সেই জনপ্ৰতিনিধিয়েও তেওঁৰ সমষ্টিবাসী ৰাইজৰ উন্নয়নৰ হকে কাম কৰিব আৰু এইটোৱেই আমাৰ দেশৰ,গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অংশ । তেনেক্ষেত্ৰত যদি কোনোবা ৰাজনৈতিক দলৰ নেতাই এই সমষ্টি পুনঃনিৰ্ধাৰণক লৈ অমুক ৰাজনৈতিক দল বা নেতাৰ লাভ হব জনসাধাৰণৰ একোৱেই লাভ নহব বুলি কোৱা কথাবোৰ যুক্তিসংগত নহ'ব বুলি মন্তব্য কৰে সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে ।