অসম

ৰঙিয়াত মহাবিষ্ণু যজ্ঞ মহোৎসৱত উপস্থিত মৃণালিনী দেৱী

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰঙিয়া: ৰঙিয়াৰ বিছেন্নালাত ৭ দিনীয়াকৈ শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱৰ হীৰক জয়ন্তী মহোৎসৱ অনুষ্ঠিত হৈছে। মহোৎসৱৰ হীৰক জয়ন্তী বৰ্ষ উপলক্ষে অনুষ্ঠিত হোৱা দেওবাৰে বিষ্ণু মন্দিৰ প্ৰাংগনত আবেলি স্মৃতিগ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় । সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সাহিত্য সভাৰ প্ৰাক্তন উপ সভানেত্ৰী মৃণালিনী দেৱী ।

সভাত আধ্যাত্মিক দিশৰ ওপৰত বিভিন্ন বিষয় সামৰি সাহিত্যিক গৰাকীয়ে ভাষণ প্ৰদান কৰে। পূৱ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিক কমল শৰ্মাই সভাপতিত্ব কৰা স্মৃতিগ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে ভাষণ ৰাখে সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই ।

উল্লেখ্য যে দিনৰ ভাগত মহোৎসৱৰ মন্দিৰৰ প্ৰাংগণত জী জোঁৱাই সন্মিলন এক কাৰ্যসূচী অনুষ্ঠিত হয়। সন্মিলনখনি সঞ্চালন কৰে মধ্য পাণ্ডুৰী হাইস্কুলৰ প্ৰাক্তন শিক্ষক নৱীন শৰ্মাই। আনহাতে মহোৎসৱৰ প্ৰতিদিনে পুৱা স্বচ্ছতা অভিযান, আহুতি আৰম্ভ আৰু ভাগৱত পাঠ আদি অনুষ্ঠান অনুষ্ঠিত হৈ আছে । তাৰ পিছত দিনৰ ১০:৩০ বজাত নতুন মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হয় । আধাৰশিলা স্থাপন কৰে হাৰ্টকেয়াৰ চছাইটিৰ সভাপতি মুকুল নাৰায়ণ বৰ্মনে ।

ইফালে কাইলৈ মহোৎসৱৰ দশমী দিনা দিনৰ ১১ বজাত নৱনিৰ্মিত দুমহলীয়া অতিথিশালাৰ দ্বাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰাৰ কথা আছিল যদিও ৰাজনৈতিক ব্যস্ততাৰ বাবে উপস্থিত থাকিব নোৱাৰিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে । দ্বাৰ উন্মোচন পিছতে দুপৰীয়া পুষ্পাঞ্জলী প্ৰদান,মহাভোগ বিতৰণ,বন্তি প্ৰজ্বলন আৰু সন্ধিয়ালৈ সদৌ অসম ভিত্তিত অসমীয়া আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । আনহাতে মহোৎসৱৰ দ্বাদশী দিনা জুবিন গাৰ্গৰ সংগীতানুষ্ঠানেৰে হীৰক জয়ন্তী মহোৎসৱ সামৰণি পৰিব ।