অসম

চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত মুম্বাইৰ মাল্লখম্ব খেলুৱৈ ছোহাইল হুছেইন শ্বেখৰ স্বৰ্ণ পদক অৰ্জন

Asomiya Pratidin

ডিজিটেল সংবাদ ,গুৱাহাটীঃ চলিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ সময়তে অসমৰ ক্ৰীড়াপ্ৰেমীয়ে প্ৰথমবাৰৰ বাবে উপভোগ কৰিলে ভাৰতৰ অন্যতম প্ৰচীনতম ক্ৰীড়া মাল্লখম্বৰ শিহৰণকাৰী ৰোমাঞ্চ ৷ মধ্য প্ৰদেশ-মহাৰাষ্ট্ৰৰ পৰম্পৰাগত খেল মাল্লখম্বৰ ক্ৰীড়াশৈলী যিমান ৰোমাঞ্চিত এই খেলবিধৰ খেলুৱৈৰ জীৱনৰ কাহিনীও সমানেই হৃদয় চুই যোৱা৷

মাল্লখম্ব খেলেৰে প্ৰতিষ্ঠা লাভৰ লক্ষ্য লোৱা ছোহাইল হুছেইন শ্বেখে যেতিয়া পিতৃক হেৰুৱাইছিল, তেতিয়া তেওঁৰ মাতৃ ফৰিদাই ঘৰে ঘৰে কাম কৰি ছোহাইলৰ প্ৰশিক্ষণৰ খৰচ বহন কৰিছিল৷

সাহিন এতিয়া মাল্লখম্বৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষক ৷ আৰ্থিকভাবে স্বাৱলম্বী লগতে পৰিয়ালৰ দায়িত্বও লৈছে৷ ইফালে, ছোহাইলে গুৱাহাটীত হোৱা চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত মুম্বাই বিশ্ববিদ্যালয়ৰ পুৰুষ দলৰ হৈ খেলি স্বৰ্ণ পদক জয়ৰে লক্ষ্যত উপনীত হ’ল৷

মুম্বাই বিশ্ববিদ্যালয়ে ১২৩.৫০ পইণ্টেৰে শীৰ্ষস্থান দখল কৰি মধ্যপ্ৰদেশৰ বিক্ৰম বিশ্ববিদ্যালয়ক চাৰি পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি সোণ দখল কৰে৷

ছোহাইলে নিজ অঞ্চলৰ ল’ৰা-ছোৱালীকো মাল্লখম্ব ক্ৰীড়াৰ জড়িয়তে আগুৱাই নিয়াৰ লক্ষ্য লৈ কলেজৰ শিক্ষা সমাপ্ত কৰাৰ পাছতে নিজে প্ৰশিক্ষণ কেন্দ্ৰও স্থাপন কৰাৰ বিষয়ে কয়৷ প্ৰথমবাৰৰ বাবে অসমত হোৱা খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ সা-সুবিধাৰ সন্দৰ্ভত ছোহাইলে কয়, ‘মই পৰিৱেশটো উপভোগ কৰিছো৷ যি বিচাৰিছো সকলো পাইছো৷ থকা-খোৱাৰ ব্যৱস্থা অতি সুন্দৰ৷’