city murder 
অসম

মঙলদৈত চাঞ্চল্যকৰ হত্যাকাণ্ডঃ সীমাৰ বিবাদত হানিখুচি হত্যা এজনক

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈঃ শুকুবাৰে পুৱতি নিশা মঙলদৈত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয় ৷ মঙলদৈ ১নং মাগুৰমাৰী চৰত সংঘটিত হয় এই হত্যাকাণ্ড ৷ মাটিৰ সীমাৰ বাবেই সম্বন্ধীয় ভাতৃয়ে হানিখুচি হত্যা কৰিলে এজনক। মৃত লোকজনৰ নাম আৰিফুদ্দিন আলি ৷

ঘটনাৰ বিবৰণ অনুসৰি মাটিৰ সীমা মিমাংসা কৰাৰ বাবে গাধোৱা চাপৰিৰ আৰিফুদ্দিন আলি ১ নং মাগুৰমাৰীৰ ভাতৃ ৰহিম আলিৰ ঘৰলৈ গৈছিল ৷ পুৱতি নিশা ৰহিম আলিৰ ভাতৃ চাহজাহান আৰু খাজেনে কেইবাজনো ভূ-মাফিয়াক লগত লৈ আৰিফুদ্দিন আলিক হত্যা কৰাৰ অভিযোগ মৃতকৰ পৰিয়ালৰ। খবৰ পোৱা মাত্ৰকে মঙলদৈ আৰক্ষীয়ে অপৰাধীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷