অসম

প্ৰতিবাদত উত্তাল মুছলপুৰ নিম্ন বুনিয়াদী বিদ্যালয়, বন্ধ পাঠদান

Asomiya Pratidin

ডিজিটেল সংবাদ,মুছলপুৰঃ বাক্সা জিলাৰ মুছলপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ত শুকুৰবাৰে এক কল্পনা কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হয় । বন্ধ হৈ পৰে শ্ৰেণীৰ পাঠদান । বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱক আৰু স্থানীয় ৰাইজে দিয়ে 'চলিহা নো এন্ট্ৰি, চলিহা গো বেক ধ্বনি' ।

উল্লেখযোগ্য যে মুছলপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ত এসময়ত শিক্ষক হিচাপে কৰ্মৰত আছিল চলিহা ব্ৰহ্ম নামৰ এগৰাকী শিক্ষক । কিন্তু ২০১৮ চনত বিভাগীয়ভাৱে লেনদেন জনিত ৰোষত পৰি তেওঁ চাকৰিৰ পৰা নিলম্বিত হৈছিল । পৰবৰ্তী সময়ত তেওঁ হাইকোৰ্ট জৰিয়তে পুনৰ সহকাৰী শিক্ষক হিচাপে আন এখন বিদ্যালয়ত চাকৰি ঘূৰাই পাবলৈ সক্ষম হয় ।

কিন্তু বৰ্তমান তেওঁ পুনৰ মুছলপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে যোগদান কৰিবলৈ মন মেলি আজি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ সৈতে বিদ্যালয়খনত উপস্থিত হয় । তেনেতেই সৃষ্টি হয় এক অনাকাংক্ষিত পৰিৱেশৰ । সকলোৱে একেস্বৰে চলিহা ব্ৰহ্মক বিদ্যালয়খনত প্ৰৱেশ নকৰি উভতি যাবলৈ কয় আৰু তেওঁ থাকিলে এই বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমিব বুলি জানিবলৈ দিয়ে।