অসম

নাৰায়ণপুৰত ৰিভাৰ ক্রুজ এম.ভি গংগা বিলাস, পৰ্যটকক উষ্ম আদৰণি লখিমপুৰ জিলা প্ৰশাসনৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক,নাৰায়ণপুৰ : নাৰায়ণপুৰত মিছিং গাভৰুৰ নাচোনৰ তালে তালে ককাল ভাঙি নাচিলে জাৰ্মান আৰু ছুইজাৰলেণ্ডৰ পৰ্যটকে।আনন্দত আত্মহাৰা হৈ পৰে বিদেশী পৰ্যটকৰ দলটো।এক উৎসৱমুখৰ পৰিবেশৰ মাজেৰে নাৰায়ণপুৰৰ কেৰকেৰ ঘাটত লখিমপুৰ জিলা প্ৰশাসনে আদৰণি জনালে বিদেশী পৰ্যটকক।

ৰিভাৰ ক্ৰুজ গংগা বিলাসত অহা ছুইজাৰলেণ্ডৰ ২৭ জন আৰু জাৰ্মানিৰ এজন পৰ্য্যটক আহি পৰিদৰ্শন কৰিলে কেৰকেৰ ঘাটৰ মিছিং জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি।জনগোষ্ঠীটোৰ পৰিয়ালৰ চাংঘৰত উঠি পৰম্পৰাগত চাই আপঙৰ সোৱাদ লোৱাৰ লগতে বিভিন্ন পৰম্পৰাগত খাদ্য গ্ৰহণ কৰি আপ্লুত হৈ পৰে পৰ্যটকৰ দলটো।

দলটোক বিভিন্ন জনগোষ্ঠীৰ ফুলাম গামোচা আৰু আকৰ্ষণীয় জাপিৰে আদৰ সম্ভাষণ জনালে লখিমপুৰ জিলা প্ৰশাসনে।কেৰকেৰ ঘাটৰ আকৰ্ষণীয় পৰিবেশৰ মাজত জিলা প্ৰশাসনে আয়োজন কৰা বিভিন্ন আদৰণী অনুষ্ঠানত মিছিং গাভৰুৰ ঐনিতম আৰু গুমৰাগ নৃত্য,মহাপুৰুষ গুৰুজনাৰ অনবদ্য অৱদান গায়ন-বায়ন,বিহু নৃত্য প্ৰদৰ্শন চাই আপ্লুত হৈ পৰে পৰ্যটক সকল।

পৰ্যটক সকলে অসমলৈ আহি বহুত সুখী বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। আনহাতে মিছিং গাভৰুৰ বিহু নাচ দেখি নিজকে ধৰি ৰাখিব নোৱাৰি বিহু নাচৰ তালে তালে ককাল ভাঙিলে কেইবাগৰাকীও বিদেশী পৰ্যটকে।

উল্লেখ্য যে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা বাংলাদেশ হৈ অসমৰ ডিব্ৰুগড়লৈকে মুঠ ৩ হাজাৰ ২০০ কিলোমিটাৰ জলপথ অতিক্ৰম কৰিব ৰিভাৰ ক্ৰুজ গংগা বিলাস।আনন্দ উল্লাসৰ মাজেৰে বিয়লি কেৰকেৰ ঘাটৰ পৰা ডিব্ৰুগড় অভিমুখে ৰাওনা হয় বিদেশী পৰ্যটকৰ দলটো।

পৰ্যটকৰ দলটোক প্ৰশাসনে কেৰকেৰ ঘাটত আদৰণি জনোৱাৰ খবৰ পাই সহস্ৰাধিক লোকৰ সমাগম ঘটে কেৰকেৰ ঘাটত।বিদেশী পৰ্যটকক কাষতে পাই চেলফী লোৱাত ব্যস্ত হৈ পৰে উপস্থিত লোক সকল।পৰ্যটক সকলেও স্থানীয় লোক সকলৰ সৈতে ফটো তোলাৰ নান্দনিক দৃশ্য দেখিবলৈ পোৱা গ'ল।কেইবাগৰাকীও পৰ্যটকে একাংশ শিশুৰ লগত ওমলা দৃশ্য আছিল অতি মনোৰম।।