অসম

নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ‘প্রভাত ফেৰী’ কাৰ্যসূচী ৰূপায়ণ…

asomiyapratidin

ডিজিটেল সংবাদ, বেবেজীয়া : স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে সমগ্র দেশজুৰি চলি থকা উৎসাহজনক উৎসৱমুখী পৰিবেশ আৰু বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে যোৱা ৯ আগষ্টৰ পৰা ধাৰাবাহিকভাৱে নানা গুৰুত্বপূৰ্ণ কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। যোৱা ১১ আগষ্ট তাৰিখে নগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সহযোগত মহাবিদ্যালয়ত অনুষ্ঠিত জিলাভিত্তিক ৰক্তদান শিবিৰত মহাবিদ্যালয়ৰ দুকুৰিৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ৰক্তদান কৰে ।

ছাত্ৰ-ছাত্ৰীসকলৰ এনে উৎসাহজনক সহাৰিক নগাঁও প্রশাসনে সন্তুষ্টি প্রকাশ কৰে । মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত যোৱা ৯ আগষ্ট তাৰিখে এইড্‌ছ আৰু Intergenerational Solidarity: Creating a World for all ages শীর্ষক বিষয়ত এখনি জিলাভিত্তিক কুইজ প্রতিযোগিতা অনুষ্ঠিত হয়। প্রতিযোগিতাখনত নগাঁও জিলাৰ ১৬ খন শিক্ষানুষ্ঠানৰ ৩২ টা দলে অংশগ্রহণ কৰে । উল্লেখযোগ্য যে, অসমৰ ভিতৰত নগাঁও জিলাতেই এইড্‌ছ ৰোগীৰ সংখ্যা অধিক। এনে প্ৰেক্ষাপটত জিলা প্ৰশাসনৰ লগতে এইড্‌ছ নিয়ন্ত্রণ সমাজৰ সহযোগত মহাবিদ্যালয়খনে আয়োজন কৰা প্রতিযোগিতাখনে বিশেষ তাৎপর্য বহন কৰিছে।

স্বাধীনতাৰ ৭৫ বছৰীয়া উদ্‌যাপনৰ লগত সংগতি ৰাখি আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে শুকুৰবাৰে পুৱা ৭ বজাৰ পৰা 'প্রভাত ফেৰী' কাৰ্যসূচী ৰূপায়ণ কৰি নগাঁও চহৰৰ মাজেদি এক শৃংখলাবদ্ধ সমদল উলিয়ায়। মহাবিদ্যালয়ৰ শতাধিক ছাত্র-ছাত্রী, এন.চি.চি., শিক্ষক পৰিষদৰ সদস্যসকলৰ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে।